যোৰাবাটত ১৮ লাখ টকা মূল্যৰ চুপাৰিভৰ্তি ট্ৰাক জব্দ…

যোৰাবাটত ১৮ লাখ টকা মূল্যৰ চুপাৰিভৰ্তি ট্ৰাক জব্দ…

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ যোৰাবাটত আৰক্ষীয়ে বৃহস্পতিবাৰে চুপাৰিভৰ্তি ট্ৰাক জব্দ কৰে। আনহাতে এই চুপাৰি মাফিয়াৰ সৰবৰাহকাৰীটোৰ নাম শ্বফিক আহমেদ বুলি আৰক্ষী সূত্ৰত প্ৰকাশ কৰে।

জানিব পৰা মতে শিলচৰৰ কাটিগড়াৰ পৰা বিজনী অভিমুখে আহি থকা এ এছ ১১ ডি চি ২২২৩ নম্বৰৰ ট্ৰাকখনে গুৱাহাটীৰ যোৰাবাটত টহলদাৰী আৰক্ষীয়ে তালাচী চলাই চালকসহ লক্ষাধিক টকাৰ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয়।

ইফালে আৰক্ষীয়ে জব্দ কৰা চুপাৰি খিনিৰ বজাৰ মূল্য ১৮ লাখ ৯০ হাজাৰ হব বুলি জানিবলৈ দিয়ে। আনহাতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in