শেহতীয়া খবৰ
মানকাচৰৰ নিউ মাৰ্কেটত নিচা জাতীয় দ্ৰব্য সহ গ্ৰেপ্তাৰ এজন...  •  ভূমিকম্পই জোকাৰি গ'ল গুৱাহাটী...  •  বৰপেটাৰ কেওঁটকুছিত ভয়াবহ পথ দূৰ্ঘটনা,ট্ৰেন্সফৰ্মাৰ ভাঙিলে ব'লেৰ পিক আপ ভানে...  •  সন্মিলিত নাৰী শক্তি অসমৰ কেন্দ্ৰীয় সমিতিৰ প্ৰথম বাৰ্ষিক বিশেষ অধিৱেশন সামৰণি...  •  ১ মিনিটত ২৫ খবৰ...  •  নলবাৰীত হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱাক স্মৰণ...  •  নলবাৰীৰ বালিকুছিত শ্ৰীশ্ৰীযোগেশ মন্দিৰ উদ্বোধন,দুশ গৰাকী জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা...  •  ৩০ জনীয়া সদস্যৰে অন্তৱৰ্তীকালীন কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন...  •  টিহুৰ সুৰভি গোষ্ঠীৰ উদ্যোগত দুখন কাব্যগ্ৰন্থ উন্মোচন...  •  কাজিৰঙাত ভালুকৰ আক্ৰমণত অস্থায়ী বনকৰ্মী আহত

তিৱা সকলৰ সম্প্ৰীতি উৎসৱ জোনবিল মেলাত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ গণ-স্বাক্ষৰ অভিযান…

95

ডিজিটেল সংবাদ, মৰিগাঁওঃ তিৱা সকলৰ সম্প্ৰীতি উৎসৱ জোনবিল মেলাত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ গণ-স্বাক্ষৰ অভিযান আৰম্ভ কৰে। জোনবিল মেলাত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ মৰিগাঁও জিলা সমিতিৱে জোনবিল মেলাত এটি অস্থায়ী কাৰ্য্যালয় স্থাপনৰ জৰিয়তে এই স্বাক্ষৰ অভিযান আৰম্ভ কৰে।

এই মেলাৰ প্ৰথম দিনাই জোনবিল মেলা পৰিচালনা সমিতি সম্পাদক জোৰচিং বৰদলৈয়া এই স্বাক্ষৰ অভিযানৰ কাৰ্য্যালয়টি উদ্বোধন কৰে। কাৰ্যালয় উদ্বোধন কৰি তেওঁ কয় যে- জনসংখ্যা সমাধান ফাউণ্ডেশ্যন মৰিগাঁও জিলা সমিতি এই স্বাক্ষৰ অভিযান কাৰ্যসূচীক শলাগ লোৱা লগতে আমাৰ দেশত জনসংখ্যা ৰোধৰ বাবে এখন কঠোৰ আইন বৰ্ত্তমান প্ৰয়োজন হৈ পৰিছে আৰু চৰকাৰক অতি সোনকালে ইয়াৰ ব্যবস্হা লবলৈ আহ্বান জনায়।

পৰবৰ্ত্তী সময়ত চলা এই জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ স্বাক্ষৰ অভিযানত তিৱা স্বায়ত্ত পৰিষদ উপাধ্যক্ষ অংকুৰ ডেউৰীকে ধৰি বহু লোকে সহযোগ কৰে। আনহাতে, দেশৰ সকলো সমস্যাৰ ভিতৰত জনসংখ্যা বিস্ফোৰণ এক অন্যতম সমস্যা বুলি অভিহিত কৰি জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন হ’লেহে শান্তি আৰু প্ৰগতিৰ দিশে আমাৰ দেশ ভাৰতবৰ্ষ আগবাঢ়িব পাৰিব ৷ অন্যথা অতি কম সময়ৰ ভিতৰত চীনক চেৰ পেলাই ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে সৰ্বাধিক জনসংখ্যাৰ দেশ হ’ব বুলিও মন্তব্য কৰে জনসংখ্যা সমাধান ফাউণ্ডেচন উত্তৰ-পূৱ ক্ষেত্ৰ আৰু অসম প্ৰান্তৰ আন এক কৰ্মকৰ্তাই৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি