জনীয়াৰ বনঘুগীত সাংসদ বদৰুদ্দিন আজমলৰ বিশাল নিৰ্বাচনী সভা…

জনীয়াৰ বনঘুগীত সাংসদ বদৰুদ্দিন আজমলৰ বিশাল নিৰ্বাচনী সভা…

ডিজিটেল সংবাদ, মইনবড়ি: বৃহস্পতিবাৰে সন্ধিয়া জনীয়া সমষ্টিৰ বনঘুগী বজাৰত বজাৰত সমষ্টি কমিটিৰ সভাপতি খন্দ: জাকিৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ এ আই ইউ ডি এফ'ৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে প্ৰাৰ্থী ড° হাফিজ ৰফিকুল ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰে।

উক্ত সভাত অংশ গ্ৰহণ কৰি সাংসদ বাদৰুদ্দিনে কংগ্ৰেছ আৰু বিজেপি দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে। সাংসদ আজমলে কয় যে বিজেপি দলৰ চৰকাৰ গঠন কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ কৃষক শ্ৰমিক গৰিব দুখীয়া আদি শ্ৰেণীক শোষণ কৰি কৌটিপতি সকলক আৰৱ পতি বনাই আছে বুলি পুনৰ অভিযোগ উত্থাপন কৰে। ফলত দেশত অৰ্থনৈতিক উন্নয়ন বিধ্বস্ত হোৱাৰ সমান্তৰালকৈ ধৰ্মীয় আৰু সাম্প্ৰদায়িক অসহিষ্ণুতা হে বৃদ্ধি কৰিছে।

কলা ধন আনিব নোৱাৰিলে, দুখীয়াক বেংক একাউণ্টত প্ৰতিশ্ৰুতি মতে টকা নিদি সেই টকাৰে বিদেশ ভ্ৰমণ কৰিছে বুলি কটাক্ষ কৰি বিজেপিক সংবিধানৰ শত্ৰু বুলি মন্তব্য কৰে। ইফালে অসমৰ কংগ্ৰেছ দলৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এন আৰ চি'ক পেলনীয়া কাগজ বুলি অভিহিত কৰি মহামান্য উচ্চতম ন্যায়ালয়ক অৱমাননা কৰিছে বুলি মন্তব্য কৰে।

ইয়াৰোপৰি, এন আৰ চি সন্দৰ্ভত উদ্ভৱ হোৱা জটিলতা আঁতৰ কৰিবলৈ জমীয়তৰ হৈ আইনী যুঁজত অৱতীৰ্ণ হৈ অসমৰ লাঞ্চিত বঞ্চিত জনগোষ্ঠীৰ সৈতে সংখ্যালঘু মুছলমান পুৰুষ-মহিলাক সহায় কৰাৰ ক্ষেত্ৰত প্ৰাৰ্থী ড° ইছলামৰ ভূমিকা সম্পৰ্কে ৰাইজে অৱগত বুলি মন্তব্য কৰি এ আই ইউ ডি এফ' প্ৰাৰ্থীক ভোটদান কৰিবলৈ আহ্বান জনায়।

উক্ত সভাত প্ৰাৰ্থী ড° হাফিজ ৰফিকুল ইছলামে ভাষণ দি কয়- অগপৰ পিছত তৰুণ গগৈয়ে ২০০১ পৰা ২০১৬ চনলৈ ৩ লাখ ৭৫ হাজাৰ ডি ভোটাৰ নতুনকৈ সৃষ্টি কৰি অসমৰ বাসিন্দা তথা প্ৰকৃত ভাৰতীয় সংখ্যালঘু মুছলমানক জীৱন্ত নৰকলৈ ঠেলি দিছিল বুলি অভিযোগ উত্থাপন কৰি জনীয়াত এজনো বিদেশী নাই বুলি দৃঢ়তা প্ৰকাশ কৰে। তেওঁ আৰু কয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু শিলাদিত্য ভাই ভাই বুলিও কটাক্ষ কৰে প্ৰাৰ্থী ইছলাম।

দলৰ উপ সভাপতি মৌলানা আব্দুল কাদিৰ, বিধায়ক হাফিজ বছিৰ আহমেদ কাচিমি, মুফটি সমছুদ্দিন আহমেদ প্ৰমুখ্যে নেতা সকলে ভাষণ ৰাখি দলৰ নিকা ভাৱমূৰ্তিৰ প্ৰাৰ্থী ড° ইছলামক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in