বটদ্ৰৱা থানত সদ্য-প্ৰয়াত যোগেশ আতৈৰ স্মৃতি চাৰণ সভা, বাতিল জৰুৰী কাৰ্যনিৰ্বাহক

বটদ্ৰৱা থানত সদ্য-প্ৰয়াত যোগেশ আতৈৰ স্মৃতি চাৰণ সভা, বাতিল জৰুৰী কাৰ্যনিৰ্বাহক

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ দ্বিতীয় বৈকুণ্ঠখ্যাত বটদ্ৰৱা থানৰ আত্মাস্বৰূপ, মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ একান্ত সেৱক, বৈষ্ণৱ পণ্ডিত, বটদ্ৰৱা থানৰ মূল নামলগোৱা, প্ৰধান আতৈ, কেৱলীয়া ভকত সদ্য-প্ৰয়াত যোগেশ আতৈৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শনেৰে আজি গুৰুজয়ন্তী সন্দৰ্ভত অনুষ্ঠিত হ'বলগীয়া বটদ্ৰৱা থান পৰিচালনা সমিতিৰ জৰুৰী কাৰ্যনিৰ্বাহক বৈঠকখন বাতিল কৰা হয়৷

ইয়াৰ পৰিৱৰ্তে, যোৱা ১৭ আগষ্টৰ নিশা ১০:২০ মিনিটত পৰলোকলৈ গমন কৰা আতৈগৰাকীৰ স্মৃতিত এখন সভা অনুষ্ঠিত কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে৷

বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ পৌৰহিত্যত অনুষ্ঠিত সভাত কাৰ্যকৰী সভাপতি ভোগেশ্বৰ বৰাকে প্ৰমুখ্য কৰি সাধাৰণ সম্পাদক, সহকাৰী সম্পাদক তথা কাৰ্যনিবাহক সদস্যসকলে যোগেশ আতৈৰ স্মৃতি চাৰণ কৰি পূণ্যাত্মাৰ চিৰশান্তি কামনাৰে প্ৰাৰ্থনা জনায়৷

নগাঁও জিলা উপায়ুক্ত হৈ থকাসময়চোৱাত আতৈৰ লগত অতি আত্মীয়তা গঢ়ি উঠা গুৰুজনাৰ সেৱক বৰ্তমান অসম চৰকাৰৰ শিক্ষাবিভাগৰ সচিবৰ দায়িত্বত থকা চমছেৰ সিঙেও আজি পত্নী ইন্দু সিং সহিতে বটদ্ৰৱা থানত উপস্থিত হৈ প্ৰয়াত আতৈৰ লগত কটোৱা সময়ৰ স্মৃতি ৰোমন্থন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ থান পৰিচালনা সমিতিৰ সভাপতিগৰাকীৰ লগত আতৈৰ বিয়োগৰ সন্দৰ্ভত আলোচনাও কৰে সিঙে৷

উল্লেখ্য যে, বটদ্ৰৱা থানখনৰ মূল হোতাস্বৰূপ যোগেশ আতৈৰ বিয়োগে বৃহত্তৰ বটদ্ৰৱাৰ লগতে নগাঁও জিলা তথা সমগ্ৰ ৰাজ্যতে তেওঁৰ গুণমুগ্ধসকলৰ মাজত শোকৰ ছাঁ পেলাইছে৷ বহুজনে কালিৰে পৰা তেওঁৰ বাসগৃহলৈ আহি আতৈৰ গুণ গৰিমা স্মৃতিচাৰণ কৰি প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in