চাকৰি ওলাইছে, ২১ জানুৱাৰীৰ ভিতৰত কৰক আবেদন

চাকৰি ওলাইছে, ২১ জানুৱাৰীৰ ভিতৰত কৰক আবেদন

ডিজিটেল ডেস্কঃ দেশৰ নিৱনুৱা যুৱক-যুৱতীসকলৰ বাবে সুখবৰ। কৰ্মচাৰী ৰাজ্য বীমা নিগম চমুকৈ ই এছ আই চিয়ে দেওবাৰে ১৪৮৮ টা পদৰ বাবে আবেদন বিচাৰিছে। দেশৰ বিভিন্ন ৰাজ্যৰ মেডিকেল কলেজ আৰু চিকিৎসালয়ৰ পেৰামেডিকেল আৰু নাৰ্চি ষ্টাফৰ বাবে এই আবেদন বিচাৰিছে ই এছ আই চিয়ে।

ষ্টাফ নাৰ্ছ, অ' টি সহায়ক, ফাৰ্মাচিষ্ট, লেব'ৰটৰী সহায়ক, ফিজিঅ'থেৰাপীৰ লগতে বহুকেইটা পদৰ বাবে ২০১৯ৰ ২১ জানুৱাৰীৰ ভিতৰত উপযুক্ত প্ৰাৰ্থীক আবেদন কৰিবলৈ আহ্বান জনাইছে ই এছ আই চিয়ে। পদসমূহৰ বাবে কেনে ধৰণৰ যোগ্য্যতাৰ প্ৰয়োজন হ'ব, ইয়াৰ সকলো তথ্য নিগমৰ অফিচিয়েল ৱেবচাইট esic.nic.in ত গৈ জানিব পাৰিব।

আবেদনৰ মাচুল অ' বি চি প্ৰাৰ্থীৰ বাবে ৫০০ টকা, এছ চি, এছ টি আৰু মহিলাসকলৰ বাবে ২০০ টকা নিৰ্ধাৰণ কৰিছে নিগমে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in