সংবাদকৰ্মী লক্ষ্য বায়নৰ পত্নীক কৰ্মসংস্হাপন দিবলৈ চৰকাৰৰ ওচৰত ৰাইজৰ দাবী…

সংবাদকৰ্মী লক্ষ্য বায়নৰ পত্নীক কৰ্মসংস্হাপন দিবলৈ চৰকাৰৰ ওচৰত ৰাইজৰ দাবী…

ডিজিটেল সংবাদ, বকো: সাদিন-প্ৰতিদিন গোষ্ঠীৰ সংবাদকৰ্মী লক্ষ্য বায়নৰ মৃত্যুৰ কেইবাদিনো উকলি গ'ল। কিন্তু সংবাদকৰ্মীগৰাকীৰ দুৰ্ভগীয়া পৰিয়ালটোক আজিলৈকে কোনো এগৰাকী জনপ্ৰতিনিধিয়ে খা-খবৰ লোৱা নাই । আনকি ৰাজ্যত তথ্য আৰু জনসংযোগ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী পীযুষ হাজৰিকাই পৰিয়ালটোলৈ এটা শোকবাৰ্তাও প্ৰেৰণ কৰা ৰাইজৰ দৃষ্টি গোচৰ হোৱা নাই ।১৮টাকৈ বছৰে সংবাদক্ষেত্ৰত সেৱা আগবঢ়াই অহা সংবাদকৰ্মী লক্ষ্য বায়নৰ মৃত্যুক ৰাজ্যৰ জনপ্ৰতিনিধিয়ে কৰা এনে অৱহেলাৰ বাবে সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।ইফালে ঘৰৰ একমাত্ৰ উপৰ্জনকাৰী বায়নৰ পত্নীৰ এটি এঘাৰ বছৰীয়া আৰু আনটো ডেৰ বছৰীয়া সন্তানক কেনেদৰে ডাঙৰ-দীঘল কৰিব সেই চিন্তাত দিন নাযায় ৰাতি নুপুৱাই অৱস্হা হৈছে ।

এফালে স্বামীৰ অকাল বিয়োগৰ শোক আনফালে কোনোধৰণৰ উপাৰ্জনৰ পথ নথকা মানুহজনীৰ ঘৰখনত কণ কণ দুটা সন্তানকলৈ চিন্তা ।উল্লেখ্য যে সাদিন-প্ৰতিদিন গোষ্ঠীৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ ডিটিপি শাখাত কাম কৰা লক্ষ্য বায়নে যোৱা ১৪ জুলাইত কামৰূপ জিলাৰ ৪৮নং বকো বিধান সভা সমষ্টিৰ ছমৰীয়া সত্ৰৰ তেওঁৰ বাসগৃহৰ পৰা গুৱাহাটীৰ মুখ্য কাৰ্যালয়লৈ মটৰ চাইকেলেৰে গৈ থাকোতে কুকুৰমাৰাত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হৈছিল ।

সংকটজনক অৱস্হাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা সংবাদকৰ্মী গৰাকীৰ যোৱা ১৬ জুলাইৰ নিশা প্ৰায় ৮বজাত অকাল বিয়োগ হয় ।১৮বছৰ ধৰি সাদিন-প্ৰতিদিন গোষ্ঠীত সংবাদকৰ্মী হিচাপে সেৱা আগবঢ়োৱা লক্ষ্য বায়নে মাথো ৪৭বছৰ বয়সতে জীৱন নাটৰ যৱনিকা পৰে ।ইহসংসাৰত পত্নী আৰু দুটা কণ কণ সন্তান এৰি থৈ যোৱা সংবাদকৰ্মী গৰাকীৰ মাতৃৰো কেই দিনমান আগতে বিয়োগ হৈছিল । অৰ্থিক ভাৱে অতি দুৰ্বল লক্ষ্য বায়নৰ পত্নীক কৰ্মসংস্হাপন দিবলৈ ৰাইজে চৰকাৰৰ ওচৰত দাবী জনাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in