জে এন ইউ…

জে এন ইউ…

ডিম্পুল বৰগোহাঁই

একাংশৰ মতে উচ্চ শিক্ষাৰ প্ৰকৃত অৰ্থ উপলদ্ধি কৰোৱাই মানৱ সম্পদৰ গঢ় দিয়ে এই বিশ্ববিদ্যালয়খনে। আন একাংশৰ মতে এই বিশ্ববিদ্যালয়নে এনে শিক্ষাৰ্থীক জন্ম দিয়ে, যিয়ে সমাজৰ যোগাত্মক দিশবোৰতকৈ বিয়োগাত্মক দিশ বিলাকতহে বেছিকৈ গুৰুত্ব দিয়ে। বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে কয়, যিটো সচাঁ তাক অন্তঃকৰণেৰে উপলদ্ধি কৰি তাৰ বিৰুদ্ধে মাত মতা উচিত। নহ'লেনো উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সাৰ্থকতাই বা ক'ত!

দেশৰ আগশাৰীৰ এখন বিশ্ববিদ্যালয়। নাম জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় চমুকৈ জে এন ইউ । শিক্ষা ব্যৱস্থাৰ লগতে অন্যান্য বিভিন্ন বিষয়ক লৈ প্ৰায়ে চৰ্চাত থাকে বিশ্ববিদ্যালয়খন। যোৱা কেইটামান দিনৰ পৰা শিক্ষানুষ্ঠানখনত উত্তপ্ত পৰিৱেশ। মাছুল বৃদ্ধিকে আদি কৰি বিভিন্ন সমস্যাৰাজিক লৈ শিক্ষাৰ্থীসকলৰ প্ৰতিবাদে উত্তাল কৰি ৰাখিছে আকাশ-বতাহ। জে এন ইউৰ শিক্ষাৰ্থীসকলৰ এই প্ৰতিবাদক বহুতে কটাক্ষ কৰিছে যদিও সমগ্ৰ দেশত এই প্ৰতিবাদলৈ সমৰ্থন জনাই অনুষ্ঠিত হৈছে সভা-সমিতি।

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ বিৰ্তকৰ সম্পৰ্কত আলোচনা কৰাতো এই লেখাৰ উদ্দেশ্য নহয়। শিক্ষানুষ্ঠানখনৰ শিক্ষা ব্যৱস্থাৰ লগতে অন্যান্য কিছু দিশহে এই লেখাত সামৰি লোৱা হব। আমেৰিকাৰ হাৰ্বাড ইউনিভাৰচিটিৰ আৰ্হিত স্থাপন কৰা হৈছিল দিল্লীৰ দক্ষিণ প্ৰান্তত থকা দেশৰ এই আগশাৰীৰ বিশ্ববিদ্যালয়খন। সমালোচনা কৰিলেও বহুতে একেমুখেই স্বীকাৰ কৰে যে, দেশৰ বৌদ্ধিক তথা শৈক্ষিক যাত্ৰাৰ অন্যতম অংগ হৈছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় চমুকৈ জে এন ইউ।

১৯৬৯ চনত ১৪ নৱেম্বৰত স্থাপন কৰা হৈছিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়। ১৯৬৬ চনৰ ২২ ডিচেম্বৰত বিশ্ববিদ্যালয়খন নিৰ্মাণৰ বাবে সংসদত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। কংগ্ৰেছ চৰকাৰৰ দিনত স্থাপন হোৱা এই বিশ্ববিদ্যালয়খনক NACC পৰা ৪ ভিতৰত প্ৰদান কৰিছে ৩.৯ গ্ৰেড। সমগ্ৰ NACCয়ে প্ৰদান কৰা সূচাংকৰ ভিতৰত এয়াই হৈছে সৰ্বাধিক।

জে এন ইউ প্ৰধানকৈ সমাজ বিজ্ঞান, বিজ্ঞান, আন্তৰাষ্ট্ৰীয় অধ্যয়ন, মনোবিজ্ঞান আদি বিষয়ৰ অধ্যয়ণৰ বাবে সমগ্ৰ বিশ্ব ভিতৰতে শ্ৰেষ্ঠ বিশ্ববিদ্যালয় বুলি কোৱা হয়। জে এন ইউৰ বিশ্ববিদ্যালয়ৰ চৌহদ প্ৰায় ১১০০ একৰ মাটি আগুৰি আছে। বিশ্ববিদ্যালয়ৰ ভিতৰত থকা কেইবামহলীয়া পুথিভৰালটো দেশৰ শ্ৰেষ্ঠ পুথিভৰালৰ হিচাপত ধৰা হয়।

বিশ্ববিদ্যালয়ৰ চৌহদত আছে প্ৰায় ১৮ টাকৈ হোষ্টেল। ইয়াৰ ৮ টা ছাত্ৰৰ, ৪ টা ছাত্ৰীৰ আৰু বাকী ৪ টা ছাত্ৰ-ছাত্ৰীৰ উভয়ৰ বাবে। বিশ্ববিদ্যালয়খনৰ হোষ্টেলৰ ফ্ৰীজ অন্য বিশ্ববিদ্যালয়তকৈ যথেষ্ট কম। কোনো শিক্ষাৰ্থী যদি এটা ৰূমত অকলে থাকিব বিচাৰে তেনে ৰূমৰ ফ্ৰীজ হৈছে ২০ টকা। আৰু দুজন থকা এটা ৰূমৰ ফ্ৰীজৰ বাবদ এজনৰ পৰা লোৱা হয় ১০ টকাকৈ। কিন্তু এই ফ্ৰীজ এতিয়া সলনি হৈছে। ১০ টকাৰ বাবদ এতিয়া ৩০০ টকা আৰু ২০ টকাৰ বাবদ ৬০০ টকা আদায় লোৱাৰ বাবেই বৰ্তমান বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে অব্যাহত ৰাখিছে প্ৰতিবাদ।

জে এন ইউৰ ১৮ টা হোষ্টেলৰ ভিতৰত ব্ৰক্ষ্মপুত্ৰৰ নামতো আছে এটা ছাত্ৰৱাস। বিশ্ববিদ্যালয়খনৰ বাকী হোষ্টেল কেইটাৰ নাম হৈছে- চন্দ্ৰভাগা, গংগা, গোদাবৰী, ছেলম, কাবেৰী, কৌৱনা, লোহিত, মাহি, মহানদী, নৰ্মদা, পৌৰিয়াৰ, সাবৰমতী, শিপ্ৰা, সতলুজ, তাপ্তী, যমুনা। এই ১৮ টা হোষ্টেলত প্ৰায় ৫৫০০ গৰাকী শিক্ষাৰ্থী থাকিব পাৰে।

প্ৰতিষ্ঠাকালৰে পৰা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উদ্দেশ্য হৈছে- অধ্যয়ন, অনুসন্ধান আৰু সমস্ত জীৱনত জ্ঞান প্ৰসাৰ কৰা। জে এন ইউৰ প্ৰতীক চিহ্নয়ো ইয়াৰ উদ্দেশ্যৰ দৰেই নিৰ্মাণ কৰা হৈছে। ইয়াত ইংৰাজীত JNU শব্দ কেইটা লিখাৰ লগতে আখৰ কেইটাৰ মাজেৰেই এগছি চাকিৰ আকৃতি দিয়া হৈছে। এই প্ৰতীক চিহ্নটোৰ অৰ্থ হৈছে জ্ঞানৰ দীপক বা পোহৰ।

বিৰ্তকত থাকিলেও এই বিশ্ববিদ্যালয়খনৰ কিছুমান দিশক সকলোৱে একেমুখে শলাগে। ইয়াৰ ভিতৰত আছে নামভৰ্তি প্ৰক্ৰিয়া। সমাজৰ পিছপৰা আৰু দৰিদ্ৰ শ্ৰেণীয়ে উচ্চ লাভৰ উদ্দেশ্য খোলা বিশ্ববিদ্যালয়খনে নামভৰ্তিৰ সময়ত এই উদ্দেশ্যৰ কথা সদায়ে মনত ৰাখে। নামভৰ্তিৰ সময়ত পিছপৰা অঞ্চলৰ পৰা অহা শিক্ষাৰ্থীক অন্য শিক্ষাৰ্থীতকৈ অধিক নম্বৰ প্ৰদান কৰা হয়।

জে এন ইউৰ নিৰ্বাচনো অন্য শিক্ষানুষ্ঠানতকৈ পৃথক। বিশ্ববিদ্যালয়ৰ সকলো শিক্ষাৰ্থী মিলি প্ৰথমে এখন নিৰ্বাচনী কমিটি গঠন কৰে। নিৰ্বাচনৰ নীতি-নিয়মৰ পৰা আদি কৰি সকলো যাৱতীয় দিশ চোৱা-চিতাৰ দায়িত্ব কমিটিখনক অৰ্পণ কৰা হয়। সকলোৰে প্ৰাৰ্থীৰ মাজত মুকলি তৰ্ক হয়। আটাইতকৈ উল্লেখনীয় কথাতো হল যে, নিৰ্বাচনত ব্যৱহাৰ হোৱা সকলো বেনাৰ, পোষ্টাৰ শিক্ষাৰ্থীসকলে নিজেই প্ৰস্তুত কৰে।

জে এন ইউত শিক্ষাৰ্থীসকল কেইবাটাও ৰাজনৈতিক দলত সক্ৰিয়। সাধাৰণতে বাওপন্থী বিচাৰধাৰাক এই বিশ্ববিদ্যালয়খনত অধিক গ্ৰহণযোগ্য বুলি বিবেচনা কৰা হয় যদিও ২০০১ চনৰ নিৰ্বাচনত সভাপতিৰ পদত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সন্দীপ মহাপাত্ৰা ১ টা ভোটৰ ব্যৱধানত জয়ী হৈছিল।

জে এন ইউৰ বিশেষত্বৰ ভিতৰত আন এটা দিশ হৈছে, কথা কোৱাৰ স্বাধীনতা। সকলো বিষয় তথা চৰকাৰৰ নীতিৰ আলোচনা-সমালোচনা মুক্ত মনেৰে কৰা হয়। এনেধৰণৰ ব্যৱস্থা আছে বিশ্বৰ আগশাৰীৰ শিক্ষানুষ্ঠান অক্সফৰ্ড আৰু কেব্ৰিজ বিশ্ববিদ্যালয়ত।

কংগ্ৰেছৰ দিনতে জে এন ইউ স্থাপন কৰা হৈছিল। কিন্তু সময়ত এই বিশ্ববিদ্যালয়খনেই দেশৰ ইন্দিৰা গান্ধী চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰিছিল। আন নালাগে ছাত্ৰসকলৰ মুকলি বিৰোধিতাৰ বাবে প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে এৰিছিল আচাৰ্য পদ। দৰাচলতে ঘটনাতো আছিল এনেধৰণৰ। সেইসময়ত দেশত চলি আছে জৰুৰীকালীন অৱস্থা। ইন্দিৰা গান্ধী নিৰ্বাচনত পৰাজয়বৰণ কৰিছিল। তেনে সময়তে বৰ্তমানৰ বাওপন্থী নেতা সীতাৰাম য়েচুৰীৰ নেতৃত্বত জে এন ইউৰ এটা দলে সাক্ষাৎ কৰিলে ইন্দিৰা গান্ধীক।

তেওঁক সাক্ষাৎ কৰি ছাত্ৰ দলটোৱে এখন কাগজত লিখি নিয়া কিছুমান কথা পঢ়ি শুনালে। সেই পঢ়া কথাবোৰ আছিল যে দেশত জৰুৰীকালীন অৱস্থা চলি থকাৰ সময়ত কি কি বেয়া হল। এইখন পঢ়ি উঠিয়েই ছাত্ৰ দলটোৱে ইন্দিৰা গান্ধীক বিশ্ববিদ্যালয়ৰ আচাৰ্য পদৰ পৰা পদত্যাগৰ দাবী কৰিছিল। ইয়াৰ পাছতে সচাঁকৈয়ে ইন্দিৰা গান্ধীয়ে পদত্যাগ কৰিছিল।

বিৰ্তক থাকিলেও দেশৰ শৈক্ষিক যাত্ৰাৰ জে এন ইউ হৈছে অন্যতম সহযাত্ৰী। দেশৰ বহু উচ্চ পদস্থ বিষয়াৰ লগতে এই বিশ্ববিদ্যালয়ত পঢ়া অনেক শিক্ষাৰ্থীয়ে সমাজত সৃষ্টি কৰিছে নতুন ধাৰাৰ। তেনে অনেক শিক্ষাৰ্থীৰ আছে, সকলোৰে নাম উল্লেখ কৰাটো সম্ভৱো নহয়। দেশৰ প্ৰতিটো প্ৰান্তত জে এন ইউৰ শিক্ষাৰ্থীসকল সিচৰিত। নিজৰ ব্যতিক্ৰমী চিন্তাৰে সমাজখনৰ কিছু অপ্ৰিয় সত্যক দাঙি ধৰাৰ ক্ষেত্ৰত বিভিন্ন জনে আগভাগ লোৱাৰ সমান্তৰালভাৱে সমগ্ৰ বিশ্বতে কেইবাখনো চিনাকী মুখৰ উপহাৰ দিছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে।

নিৰ্মলা সীতাৰমণঃ ভাৰতৰ বৰ্তমানৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। জে এন ইউৰ পৰাই সীতাৰমণে অৰ্থশাস্ত্ৰত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। শাসকীয় বিজেপি দলৰ বৰ্তমানৰ এগৰাকী প্ৰভাৱশালী নেত্ৰী হৈছে নিৰ্মলা সীতাৰমণ।

সীতাৰাম য়েচুৰীঃ বৰ্তমানৰ বাওপন্থী নেতা সীতাৰাম য়েচুৰী হৈছে জে এন ইউৰে ছাত্ৰ। অৰ্থশাস্ত্ৰত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা য়েচুৰীৰ ৰাজহুৱা জীৱন এই বিশ্ববিদ্যালয়ৰ পৰাই আৰম্ভ হৈছে।অৰ্থশাস্ত্ৰত পি এইচ ডিৰ বাবে নামভৰ্তি কৰিছিল যদিও দেশত জৰুৰীকালীন অৱস্থা চলি থকাৰ সময়তে গ্ৰেপ্তাৰ হোৱাৰ বাবে এই পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব নোৱাৰিলে।

যোগেন্দ্ৰ যাদৱঃ ৰাজনৈতিক বিশ্লেষক তথা প্ৰাক্তন আম আদমী পাৰ্টিৰ নেতা যোগেন্দ্ৰ যাদৱ ১৯৮১-১৯৮৩ৰ লৈতে পঢ়িছিল জে এন ইউত। বিভিন্ন সামাজিক কাম-কাজৰ সৈতে জড়িত যোগেন্দ্ৰ যাদৱে ২০০৯ চনৰ নিৰ্বাচনত ৰাহুল গান্ধীৰ পৰামৰ্শদাতা আছিল। তেখেত কেইবাখনো গৱেষণামূলক গ্ৰন্থৰো ৰচক।

এছ জয় শংকৰঃ জে এন ইউত আন্তৰাষ্ট্ৰীয় সম্পৰ্ক বিষয়ত পি এইচ ডি ডিগ্ৰী লাভ কৰিছিল এছ জয় শংকৰে। ভাৰতৰ বৈদেশিক সচিব পদত থকাৰ পাছত বৰ্তমান বিদেশ মন্ত্ৰীৰ দায়িত্বত আছে এছ জয় শংকৰ।

বাবুৰাম ভট্টাৰাইঃ চুবুৰীয়া দেশ নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বাবুৰাম ভট্টাৰাই আছিল জে এন ইউৰে ছাত্ৰ। ২০১১ চনৰ পৰা ২০১৩ চনলৈ তেওঁ নেপালৰ প্ৰধানমন্ত্ৰী আছিল।

অভিজিৎ বেনাৰ্জীঃ জে এন ইউৰ পৰা ১৯৮৩ চনত অৰ্থশাস্ত্ৰত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল অভিজিৎ বেনাৰ্জীয়ে। ছাত্ৰ ৰাজনীতিতো সক্ৰিয় আছিল বেনাৰ্জী, যাৰ বাবে কাৰাবাসো খাটিছিল। ২০১৯ চনত তেখেতলৈ আগবঢ়োৱা হয় অৰ্থনীতিৰ নোবেল বটাঁ।

অমিতাভ কান্তঃ জে এন ইউৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা অমিতাভ কান্ত হল নীতি আয়োগৰ জন্মদাতা। নীতি আয়োগৰ অধ্যক্ষ অমিতাভ কান্ত।

আলী জেদানঃ বিদেশৰ পৰা আহিও জে এন ইউত পঢ়া শিক্ষাৰ্থীৰ সংখ্যা যথেষ্ট। বিদেশৰ পৰা আহি পঢ়া তেনে এজন বিশেষ ছাত্ৰ হল আলী জেদান। চিৰিয়াৰ আলী জেদান জে এন ইউ শিক্ষা সাং কৰি যোৱাৰ পাছত ২০১২-২০১৪ চনলৈ চিৰিয়াৰ প্ৰধানমন্ত্ৰী আছিল।

আব্দুল সত্তৰ মুৰাদঃ ১৯৭৬ চনত জে এন ইউৰ পৰা ৰাজনীতি বিভাগত অধ্যয়ন কৰিছিল আফগানিস্তানৰ আব্দুল সত্তৰ মুৰাদে। বৰ্তমান আফগানিস্তানৰ কেন্দ্ৰীয় মন্ত্ৰীৰ পদত আব্দুল।

ইয়াৰোপৰি অজিত জেঠ, মেনকা গান্ধী, স্বৰা ভাস্কৰ, কনহাইয়া কুমাৰ, পি সাইনাথৰ দৰে বহু চিনাকি মুখক জন্ম দিছে জে এন ইউয়ে। প্ৰতিবাদ, আন্দোলনে বিশ্ববিদ্যালয়খনৰ গৰিমা ম্লান কৰিছে বুলি বহুতে কটাক্ষ কৰিলেও বহু কামৰ বাবে জে এন ইউৰ আছে নিজা স্বকীয়তা। কটাক্ষ কৰাৰ বিপৰীতে হয়তো বহুতেই উপলদ্ধি কৰে- যিটো সচাঁ তাক অন্তঃকৰণেৰে উপলদ্ধি কৰি তাৰ বিৰুদ্ধে মাত মতা উচিত। নহ'লেনো উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সাৰ্থকতাই বা ক'ত! এই সচাঁবোৰক তেতিয়াহে অন্তঃকৰণেৰে উপলদ্ধি কৰিব পাৰি যেতিয়া কৰা হয় 'অধ্যয়ন আৰু অনুসন্ধান' । যিটো জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উদ্দেশ্য…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in