চৰকাৰৰ অনুমোদনঃ কানহাইয়া কুমাৰৰ বিৰুদ্ধে চলিব দেশদ্ৰোহী গোচৰ…

চৰকাৰৰ অনুমোদনঃ কানহাইয়া কুমাৰৰ বিৰুদ্ধে চলিব দেশদ্ৰোহী গোচৰ…

ডিজিটেল ডেস্কঃ জে এন ইউত অধ্যয়নৰত সময়ত দেশদ্ৰোহী গোচৰত অভিযুক্ত হোৱা চিপিআই নেতা কানহাইয়া কুমাৰৰ বিৰুদ্ধে ন্যায়ালয়ত চলিব আইনী যুঁজ। ইয়াৰ বাবে দিল্লী চৰকাৰে আৰক্ষীৰ স্পেচিয়েল চেল গঠন কৰিছে। উল্লেখ্য যে, ২০১৬চনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত দেশবিৰোধী শ্ল'গান দিয়াৰ অভিযোগ উত্থাপন হৈছিল। আৰু তাৰপাছত ২০১৯চনত দিল্লী আৰক্ষীয়ে দাখিল কৰিছিল ছাৰ্জশ্বীট।

কানহাইয়া কুমাৰসহ বাকী কেইজন অভিযুক্তৰ বিৰুদ্ধে দেশদ্ৰোহী গোচৰত ন্যায়ালয়ত আইনী যুঁজ চলিব। কানহাইয়াৰ লগতে এই গোচৰত অভিযুক্ত কেইজন ক্ৰমে উমৰ খালিদ, অনিৰ্বাণ, আকিব হুছেইন, মুজীব, উমৰ গুল, বশৰত আলী আৰু খালিদ বচিৰ। এই সন্দৰ্ভত দিল্লী চৰকাৰৰ হাতত থকা ফাইল ইতিমধ্যে দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলক দিয়া হৈছে। আৰু শীঘ্ৰেই এই ফাইল ন্যায়ালয়ত দাখিল কৰা হ'ব।

জে এন ইউ দেশদ্ৰোহী গোচৰৰ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে ১৯ ফেব্ৰুৱাৰী, ২০২০ত চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল। আৰক্ষীয়ে দিল্লী চৰকাৰক এই সন্দৰ্ভত শীঘ্ৰে কামবোৰ আগবঢ়াবলৈ কৈছিল। উল্লেখ্য যে, ২০১৬ৰ পৰা এই গোচৰত কানহাইয়া কুমাৰসহ আন অভিযুক্ত কেইজনৰ বিৰুদ্ধে ন্যায়িক প্ৰক্ৰিয়া চলাবলৈ ৰাজ্য চৰকাৰৰ অনুমোদন পোৱা হোৱা নাছিল। কিন্তু আৰক্ষীয়ে দিল্লী চৰকাৰক এই সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰাৰ পাছতেই এই গোচৰ সন্দৰ্ভত শীঘ্ৰে ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে দিল্লী চৰকাৰে নিৰ্দেশ দিয়ে।

ইফালে, এই গোচৰ সন্দৰ্ভত ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দিল্লী চৰকাৰে আৰক্ষীক দিয়া নিৰ্দেশৰ পাছত চিপিআইৰ নেতা কানহাইয়া কুমাৰে টুইটাৰযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ টুইটাৰত লিখিছে- 'দেশদ্ৰোহী গোচৰক লৈ দিল্লী চৰকাৰে অনুমতি প্ৰদান কৰাৰ বাবে ধন্যবাদ। দিল্লী আৰক্ষী আৰু চৰকাৰৰ অধিবক্তাক অনুগ্ৰহ জনাইছো যে এই গোচৰটো আপোনালোকে গুৰুত্ব সহকাৰে লওঁক। আৰু টিভিৰ 'আপ কী আদালত'ৰ পৰিৱৰ্তে ন্যায়ালয়ে ন্যায় সুনিশ্চিত কৰক। সত্যমেৱ জয়তে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in