ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰাক্তন সভাপতি জীৱন বৰাৰ ৰাইজৰ দলত যোগদান…

ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰাক্তন সভাপতি জীৱন বৰাৰ ৰাইজৰ দলত যোগদান…

ডিজিটেল সংবাদ,বোকাখাত : ৰাজআলিত আন্দোলন কৰিলে চৰকাৰে যথোচিত গুৰুত্ব নিদিয়ে বাবেই বিধানসভালৈ গৈ সমস্যা সমাধানৰ ইচ্ছা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰাক্তন সভাপতি আৰু বোকাখাতৰ নিৰঞ্জন বনুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক জীৱন চন্দ্ৰ বৰাৰ।

সূদীৰ্ঘ ৩৩ বছৰ শিক্ষকতাৰ লগতে ২৮ বছৰ কাল ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলিৰ সভাপতিৰ দায়িত্বত থাকি অৱশেষত বিধান সভা নিৰ্বাচনত বোকাখাতৰ পৰা অবতীৰ্ণ হোৱাৰ সিদ্ধান্ত লৈ "ৰাইজৰ দল"ত আনুষ্ঠানিক ভাৱে বৃহস্পতিবাৰে যোগদান কৰে জীৱন বৰাই।

২০২১ৰ বিধান সভা নিৰ্বাচনত বোকাখাত সমষ্টিৰ পৰা 'ৰাইজৰ দল"ৰ প্ৰাৰ্থী হিছাপে অৱতীৰ্ণ হ'ব জীৱন বৰা। ১ ফেব্ৰুৱাৰীত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনিৰ সভাপতিৰ পদৰ দ্বায়িত্বৰ পৰা অব্যাহতি লোৱাৰ লগতে শিক্ষকতাৰ পৰা অৱসৰৰ বাবে ৪ বছৰ ১১ মাহ বাকী থকাৰ সময়তেই স্বেচ্ছামূলক অৱসৰ লয় জীৱন বৰাই।

ৰাইজৰ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰাৰ পাছতে বৃহস্পতি বাৰে এখন সংবাদ মেল সম্বোধন কৰি বোকাখাতত ৰাইজৰ দলৰ মুল প্ৰতিদণ্ডী অতুল বৰাই হ'ব বুলি কোৱাৰ লগতে কয়- ব্যক্তিৰ লগত নহয় ইচ্ছ্যুৰ লগতহে প্ৰতিদন্দিতা হ'ব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in