দিল্লীৰ বিধানসভা নিৰ্বাচনত অকলেই অৱতীৰ্ণ হ’ব জেডিইউ…

দিল্লীৰ বিধানসভা নিৰ্বাচনত অকলেই অৱতীৰ্ণ হ’ব জেডিইউ…

ডিজিটেল ডেস্কঃ আগন্তক দিল্লী বিধানসভা নিৰ্বাচনত অকলেই অৱতীৰ্ণ হ'ব জনতা দল ইউনাইটেড। বিহাৰৰ এনডিএ চৰকাৰৰ মিত্ৰদল জেডিইউৰ দিল্লী প্ৰদেশৰ সভাপতি তথা বিহাৰ চৰকাৰৰ মন্ত্ৰী সঞ্জয় ঝাই মঙলবাৰে এই কথা জানিবলৈ দিয়ে।

এটা সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰত জেডিইউৰ নেতাগৰাকীয়ে কয় যে দিল্লীৰ বিধানসভা নিৰ্বাচনত জেডিইউৱে অকলে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে। অৱশ্যে এনডিএৰ সৈতে মিত্ৰতা কেতিয়াও ভংগ নহয় বুলিও স্পষ্ট কৰি দিয়ে সঞ্জয় ঝাই। তেওঁ কয়, 'বিগত বৰ্ষসমূহত দিল্লীত জেডিইউৰ প্ৰভাৱ শক্তিশালী হৈছে। গতিকে বিধানসভা নিৰ্বাচনত আমি অকলে প্ৰতিদ্বন্দ্বিতা কৰিলেও জয় নিশ্চিত।'

আনহাতে জেডিইউৱে নিৰ্বাচনত দিল্লীৰ ৭০ খন আসনৰ আটাইকেইখনতে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলিও মন্তব্য কৰে নেতাগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in