কাৰ্যকাল অন্ত পৰিব ৰাজ্যসভাৰ উপসভাপতি পি জে কুৰিয়ানৰ

কাৰ্যকাল অন্ত পৰিব ৰাজ্যসভাৰ উপসভাপতি পি জে কুৰিয়ানৰ

ডিজিটেল ডেস্কঃ আগষ্টত ৰাজ্যসভাৰ উপসভাপতি পি জে কুৰিয়ানৰ কাৰ্যকাল অন্ত পৰিব। ৰাজ্যসভাৰ নতুন উপসভাপতিৰ বাবে ৯ আগষ্টত অনুষ্ঠিত হ'ব নিৰ্বাচন।

ৰাজ্যসভাৰ সভাপতি তথা উপৰাষ্ট্ৰপতি এম ভেংকায়ানাইডুৱে সোমবাৰে ৰাজ্যসভাৰ শূন্য অধিবেশন শূন্যকালীন সময়ত এই কথা সদনত অৱগত কৰে। লগতে নাইডুৱে নিৰ্বাচনৰ বিৱৰণ দাঙি ধৰিলে।

ৰাজ্যসভাৰ উপসভাপতি পদৰ বাবে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজুট চমুকৈ এন ডি এৰ প্ৰাৰ্থী হ'ব জে ডি ইউ সাংসদ হৰিবংশ। হৰিবংশ ২০১৪ চনত উচ্চ সদনলৈ বিহাৰৰ পৰা নিৰ্বাচিত হৈছিল।

ইফালে, বিৰোধীয়ে এই পদৰ নিৰ্বাচনৰ বাবে কোনো প্ৰাৰ্থীক প্ৰতিদ্বন্দ্বিতা দিব নাই সেয়া এতিয়াও স্পষ্ট নহয়। সন্মিলিতভাৱে বিৰোধী পক্ষই এই সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in