সুস্থ স্বাস্থ্যই সুস্থ মন গঢ়ে। সুস্থ মনে গঢ়ে এখন সুস্থ সমাজ। সেইবাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে দেশজুৰি প্ৰচাৰ চলাইছে ফিট ইণ্ডিয়া মুভমেন্টৰ। এটা সুস্থ দেহৰ অধিকাৰী হ'বলৈ প্ৰয়োজন হয় কিছু কষ্টৰ, কিছু অভ্যাসৰ। দৈনিক ব্যায়াম, যোগাভ্যাসে এজন মানুহক বিভিন্ন ৰোগৰ পৰা মুক্ত কৰি ৰাখে।
একাগ্ৰতা থাকিলে মানুহে কৰিব নোৱাৰা কাম একো নাই। সময়ে সময়ে এইখন দেশতে কিছু লোকে সেই কথা প্ৰমাণ কৰি আহিছে। কিছু বছৰ পূৰ্বে চৰ্চালৈ আহিছিল পঞ্জাৱৰ এজন যুৱক। নাম আনন্দ আৰ্নল্ড। আন বন্ধুৱে খেলা-ধুলাত ব্যস্ত থকাৰ সময়ত ১৩ বছৰ বয়সত জিমলৈ গৈছিল যুৱকজন। দেশবাসীৰ চিনাকি সেই আৰ্নল্ড এতিয়া ৩৩ বছৰীয়া হ'ল।
১৩ বছৰীয়া আৰ্নল্ডে জিমলৈ যাবলৈ আৰম্ভ কৰাৰে পৰা শৰীৰৰ প্ৰতি বিশেষভাৱে গুৰুত্ব দিছিল। ১৫ বছৰ বয়সত তেওঁ আন কেইবাগৰাকী ছাত্ৰক শিকাবলৈ লৈছিল। কম বয়সতে মিঃ গ'ল্ড খিতাপ লাভ কৰা আৰ্নল্ড ১৫ বছৰ বয়সত কৰ্কট ৰোগত ভুগিছিল। লাহে লাহে আৰ্নল্ড শাৰিৰীকভাৱে বাধাগ্ৰস্ত হৈ পৰিছিল।
কেইবাটাও অস্ত্ৰোপচাৰ কৰিবলগা হৈছিল। ৩ বছৰ তেওঁ বিচনাতে শুই শুই পাৰ কৰিবলগীয়া পৰিৱেশৰ সূচনা হৈছিল। তাৰ পিছতে কিছু পৰিমাণে সবল হৈছিল আৰ্নল্ড। অৱশ্যে আগৰ ভাল দিন ঘূৰি অহা নাছিল। একেবাৰে ভাগি পৰা আৰ্নল্ডে তেওঁৰ পৰা বডিবিল্ডিঙ শিকা শিষ্যসকলৰ হেঁচাত পুনৰ আৰম্ভ কৰিছিল শৰীৰ চৰ্চা। তেতিয়া তেওঁৰ বয়স ১৮ বছৰ আছিল। দৈনিক ৪ ঘন্টা তেওঁ জিমত কটাইছিল। প্ৰতিদিনে তেওঁ দুই লিটাৰ গাখীৰ, ৩০ টা দিম, এক কেজি মাংস খাবলৈ আৰম্ভ কৰিছিল।
তেওঁৱে আছিল ভাৰতৰ প্ৰথমগৰাকী হুইলচেয়াৰ বডিবিল্ডাৰ। ২০ বছৰ বয়সত আৰ্নল্ড সফল হৈছিল। ৩ বাৰ মিষ্টাৰ ইণ্ডিয়া হোৱাৰ লগতে তেওঁ ১২ বা মিষ্টাৰ পঞ্জাৱ হৈছিল। প্ৰায় অৰ্ধশতাধিক বডিবিল্ডিঙত তেওঁ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। এতিয়া তেওঁ Hale Life Nutrition আৰু Muscle Mania নামৰ ২টা কোম্পানীৰ ব্ৰেণ্ড এম্বেছাদৰ। বৰ্তমান ৩৩ বছৰীয়া আৰ্নল্ডক লৈ লিখা হৈছে কিতাপ।
এই আৰ্নল্ডক দেখিয়ে অনুপ্ৰেৰণা লাভ কৰিছে অসমৰ এজন যুৱকে। তেওঁ খোজ কাঢ়িব নোৱাৰে। হুইলচেয়াৰতে বিভিন্ন স্থানলৈ অহা-যোৱা কৰে। অসমৰ প্ৰথমগৰাকী হুইলচেয়াৰ বডিবিল্ডাৰ হিচাপে তেওঁ ইতিমধ্যে খ্যাতি লাভ কৰিছে। যুৱকগৰাকীৰ নাম জয়ন্ত গগৈ। NABBA WFFয়ে বঙাইগাঁৱত আয়োজন কৰিছিল এক শৰীৰচৰ্চা প্ৰতিযোগিতাৰ। প্ৰতিযোগিতাত অংশ লৈছিল যোৰহাটৰ যুৱকগৰাকীয়ে। যোৰহাটৰ পৰা বঙাইগাঁৱৰ দুৰত্ব প্ৰায় ৪৫০ কিলোমিটাৰ। ইমান দূৰত্বৰ পৰা গৈ এই প্ৰতিযোগিতাত অংশ লোৱাটো তেওঁৰ বাবে অসম্ভৱ আছিল। মনৰ উদ্যমে সেয়া সম্ভৱ কৰি তুলিছিল।
গাঁৱৰ সমনীয়া তথা শুভাকাংক্ষীয়ে ৰাইজৰ পৰা বৰঙণি তুলি জয়ন্তক বঙাইগাঁৱলৈ যাবৰ বাবে ব্যৱস্থা কৰি দিছিল। অৱশেষত আহিছিল সেই ক্ষণ। লাউডস্পিকাৰত ভাহি আহিছিল অসমৰ প্ৰথমজন হুইলচেয়াৰ বডিবিল্ডাৰৰ কথা। এই খ্যাতি লাভ কৰি আনন্দত আত্মহাৰা হৈছিল জয়ন্ত। তেওঁ যোৰহাটৰ এখন গাঁৱৰ বাসিন্দা। কেইবছৰমানৰ পূৰ্বে তেওঁৰ জীৱনলৈ অমানিশা নামি আহিছিল। শৰীৰচৰ্চাৰে জিলাৰ লগতে ৰাজ্যখনতো এটা পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা যুৱকজন ভাগি পৰিছিল। এক দুৰ্ঘটনাত পতিত হৈছিল জয়ন্ত। তাৰ পিছৰে পৰা তেওঁ শাৰীৰিকভাবে অক্ষম হৈ পৰিছিল।
যোৰহাট জিলাৰ ন-আলিৰ উত্তৰ হাতীচুঙী গাঁৱত ঘৰ জয়ন্তৰ। ঘৰত আছে মাতৃৰ লগতে দুই ভাতৃ। কেইবছৰমান পূৰ্বে পিতৃৰ মৃত্যু হৈছে। শাৰীৰিক বাধাগ্ৰস্ততা তথা দৈন্যতাই তেওঁক হেঁচা মাৰি ৰাখিব নোৱাৰিলে। জীৱনৰ কঠিন পথত তেওঁ আগুৱাই গ'ল। তেওঁৰ সপোনবোৰো আগুৱালে। শাৰীৰিক বাধাগ্ৰস্ততাক নেওঁচি আগুৱাই যোৱাৰ বাবে বঙাঁইগাঁৱৰ মঞ্চত বিচাৰকে চিঞৰী চিঞৰী ক'বলৈ সক্ষম হৈছিল, 'জয়ন্ত গগৈৰ দৰে মানুহ আমাক লাগে। আমাক এনে প্ৰতিযোগিয়ে লাগে।'
উপস্থিত দৰ্শকসকলে থিয় হৈ অভিবাদন জনাইছিল। এইয়াহে প্ৰতিভা বুলি সকলো লোকে কৈছিল। গাঁৱৰ দুজন যুৱক আৰু জ্যেষ্ঠ ভাতৃয়ে তেওঁক বঙাইগাঁৱলৈ লৈ গৈছিল। জয়ন্তৰ দশকৰ পূৰ্বৰ সপোন সঁচা কৰিবলৈ। তেওঁৰ সপোন আছিল শৰীৰ চৰ্চাৰে এদিন নিজৰ ঠাইখনৰ নাম উজ্বলাব। তেওঁ প্ৰমাণ কৰিলে মনৰ উদ্যমৰ ওপৰত একোৱে নাই।
কৰিম কৰিম বুলি ৰৈ থকা লোকসকলৰ বাবে এটা উদাহৰণ হৈ পৰিল জয়ন্ত। মঞ্চৰ কাষতে ৰৈ থকা গাঁৱৰ ২ যুৱক আৰু জ্যেষ্ঠ ভাতৃয়ে চিঞৰি উঠিল, 'আমাৰ কষ্ট সাৰ্থক হ'ল'। নিজৰ অমায়িক আৰু ভদ্ৰ স্বভাৱৰ বাবে তেওঁ গাঁওখনৰ ভিতৰতে এটা চিনাকী নাম।
জয়ন্ত বুলি ক'লে আগবাঢ়ি যায় প্ৰতিজন লোক। তেওঁৰ প্ৰতিভাই সেই চিনাকীক আৰু শক্তিশালী কৰিছে। ইমান দুৰত্বৰ পৰা অনুষ্ঠানটোলৈ যোৱা জয়ন্তই লগত হুইল চেয়াৰখন লৈ গৈছিল। কাৰণ তেওঁ খোজকাঢ়িব নোৱাৰে। গাড়ীৰ পৰা সেই হুইল চেয়াৰতে গৈ তেওঁ মঞ্চত উঠিছিলগৈ। মঞ্চত উঠি তেওঁ নিজৰ শৰীৰচৰ্চা আৰম্ভ কৰিছিল। উপস্থিত আছিল ৰাজ্যৰ আন আন বিভিন্ন প্ৰান্তৰ বহু প্ৰতিযোগী।
প্ৰতিজন প্ৰতিযোগীয়ে আছিল বিশেষভাৱে সক্ষম। প্ৰতিযোগীসকলৰ মাজত হুইলচেয়াৰত মাত্ৰ এজনে যুৱক আছিল। ১০০ নম্বৰৰ সেই যুৱকজনেই আছিল জয়ন্ত গগৈ। জয়ন্তই দ্বিতীয় স্থান লাভ কৰিছিল। প্ৰথম হোৱা যুৱকগৰাকী আছিল গোলাঘাটৰ। পুৱা সূৰ্যোদয় হয়। আবেলি অস্ত যায় সূৰ্য। আশা থাকে আকৌ পোহৰ হ'ব। এজন কিয় হাজাৰজন জয়ন্তৰ জন্ম হ'ব। স্তব্ধতাৰ সীমা ভাঙি আৰম্ভ কৰিব গতিশীলতাৰ যাত্ৰা। জীৱনৰ সংজ্ঞা নিৰূপণ কৰি সকলোকে বুজাব জীৱন মানে কি।
জীৱন হৈছে সুখ, দুখৰ সমষ্টি। কোনো সময়ত যদি জীৱনে হাঁহি বিলাই আন কোনো সময়ত বিলাই চকুলো। সেই হাঁহি আৰু চকুলোৰ মাজেৰে জীৱনটো আগবঢ়াই নিব পাৰি। কষ্টোপাৰ্জিত ধনেৰে ক্ৰয় কৰা প্ৰতিটো সামগ্ৰীৰ মূল্য যিদৰে অপৰিসীম, থিক তেনেদৰে অপৰিসীম কষ্টৰ বিনিময়ত লাভ কৰা সফলতা। খোজকাঢ়ি কোনো ঠাইলৈ যোৱাটো বাদেই গা ধুবৰ বাবে কোনো ঠাইলৈ যোৱাৰ সময়টো জয়ন্তক নিব লাগে দাঙি। তেনেস্থলত সেই জয়ন্তই ক'লে, 'তহতি দাঙি দাঙি লৈ ফুৰাৰ বাবেই মই এইয়া কৰিবলৈ সক্ষম হৈছো। জয়ন্তই দেখুৱাই গ'ল, কষ্টৰ অসাধ্য একো নাই'। কষ্টৰ মাজেৰে কৰা কামেৰে পোৱা পৰিতৃপ্তি কোনে বস্তুৰে তুলনা নহয়। তুলনা নহয় আন ১০জনতকৈ পৃথক শাৰীত থাকিও।
জয়্ন্তৰ সৈতে যোগাযোগ কৰোতে কৈছিল আৰ্নল্ডৰ কথা। 'আৰ্নল্ড নামৰ এজন লোক আছে। তেওঁৰ কাম দেখিলে আমি কিয় একোকে কৰিব নোৱাৰো ভাৱি উত্তৰ নাপাও। আৰ্নল্ডে বডিবিল্ডিঙেৰে জয় কৰিছে প্ৰায় ৪০ টা উপাধী।' আচলতে তেনেকুৱাই, জীৱনৰ সিদ্ধান্তবোৰ ক্ষন্তেকিয়াই। এই ক্ষন্তেকিয়া সিদ্ধান্ত সফল হ'লে হাঁহি লাভ কৰা হয়। বিফল হ'লে নিজৰে সিদ্ধান্তক লৈ মনৰ মাজত প্ৰতিবাদ হয়। জয়ন্তৰ সিদ্ধান্ত আৰ্নল্ডৰ পৰাই আৰম্ভ হৈছিল। আৰ্নল্ডক দেখি তেওঁ অনুপ্ৰেৰণা লাভ কৰিছিল। সেই অনুপ্ৰেৰণাই তেওঁৰ জীৱনত প্ৰভাৱ পেলাইছিল। কষ্ট কৰি অসমৰ প্ৰথমগৰাকী হুইলচেয়াৰ বডিবিল্ডাৰৰ সন্মান তেওঁ লাভ কৰিছে।
জয়ন্ত আৰ্থিকভাৱে দুৰ্বল। কোনো স্থানলৈ যাবৰ বাবে তেওঁ বহুবাৰ ভাবিবলগীয়া হয়। তেওঁৰ হাবিয়াস আছিল। গুৱাহাটীৰ এটা অনুষ্ঠানত প্ৰতিভা প্ৰকাশ কৰাৰ বাবে সুযোগ পাইছিল। কিন্তু অনুষ্ঠানৰ আহিবলৈয়ে তেওঁৰ সামৰ্থ নাছিল। বঙাঁইগাৱলৈ যোৱাৰ সময়তো একেই দশা হৈছিল। গাঁৱৰ সমনীয়াই ৰাইজৰ পৰা সহায় সহযোগিতাৰে জয়ন্তক অনুষ্ঠানটোলৈ যাবৰ বাবে ব্যৱস্থা কৰি দিছিল। ৰাইজে যিয়ে যেনেকৈ পাৰে তেওঁৰ সহায় কৰিছিল। আচলতে সেয়াই তেওঁৰ প্ৰতি সকলোৰে মৰম। জয়ন্ত বুলি ক'লে সকলো লোক ওচৰ চাপি যায়। কিবা এটা কৰিবলৈ সকলোৱে চেষ্টা কৰে।
কিছুদিন পূৰ্বে গুৱাহাটীত এটা বৈদ্যুতিন সংবাদ মাধ্যমৰ অনুষ্ঠান এটালৈ তেওঁক নিমন্ত্ৰণ জনোৱা হৈছিল। জয়ন্ত আহিছিল। আহিবলৈ টকাৰো অভাৱ হৈছিল। সেইসময়তো তেওঁ ৰাইজৰ পৰাই সহায় পাইছিল। গাঁৱৰে দুজন যুৱকৰ লগতে ভাতৃৰ সৈতে তেওঁ আহিছিল। আহিবলৈ টকাৰ অভাৱ হৈছিল। নেদেখাজনৰ কৃপাত তেওঁ আহিবলৈ সক্ষম হৈছিল।
পুৱা-গধুলি তেওঁ সমনীয়াৰ সৈতে কথা পাতিবৰ বাবেই ঘৰৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ নিলগেৰে যোৱা ন-আলি পায়গৈ। হুইলচেয়াৰতে তেওঁ প্ৰতিদিনে ওলাই যায়। আশা এটাই গাঁৱৰ যুৱকসকলৰ সৈতে লগ কৰি কিবা এটা আলোচনা কৰা। মনৰ কথা, গাঁৱৰ কথা তেওঁ প্ৰায় সকলো বোৰে জানে। তেওঁৰ দৰে প্ৰতিভাক আগবঢ়াই নিবৰ বাবে প্ৰয়োজন হয় সহায়ৰ। শাৰিৰীক বাধা থকা স্বত্বেও তেওঁ দুখোজ আগুৱাই যাবলৈ চেষ্টা কৰিছে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছে বহু প্ৰতিভা। সেই প্ৰতিভাক আগুৱাই নিবলৈ মানুহৰ অভাৱ। অতিব্যস্ত এই পৃথিৱীত প্ৰতিজন লোকেই নিজক লৈ ব্যস্ত থাকে। তাৰ মাজতে কিছু সুৰুঙা পালেই একো একোজন প্ৰতিভাধৰ যুৱকৰ জন্ম হয়। আৰু সেই প্ৰতিভাক ৰাইজে স্বীকৃতি জনালে তাৰ দ্বাৰা কোনো লোক আগুৱাই যাব পাৰে। আগুৱাই যোৱাত অনুপ্ৰেৰণাই বিশেষ ভূমিকা ল'ব পাৰে।
মিঃ যোৰহাটত তেওঁ ৬৫ কিলোৰ শাখাত প্ৰথম স্থান লাভ কৰিছিল। মিঃ আছামতো তেওঁ অংশ লৈছিল। বঙাইগাঁৱত লাভ কৰিছিল বিশেষ সফলতা। প্ৰথমগৰাকী হুইলচেয়াৰ বডিবিল্ডাৰ হিচাপে তেওঁ খ্যাতি লাভ কৰিছিল। আছাম ফিজিকেলি চেলেঞ্জৰ শাখাত তেওঁ ৰানাৰ্ছ আপ লাভ কৰিছিল। মনত আছে তেওঁৰ দুৰ্বাৰ হেঁপাহ। কিবা এটা কৰাৰ বাবে মনত পুহি ৰাখিছে সপোন। স্বাস্থ্যই বাধা দিলেও মনত থকা অদম্য সাহসৰ বাবে বহুজনৰ মাজতে তেওঁ চৰ্চিত।
সপোনবোৰে তিৰবিৰাই থকাৰ সময়তে তেওঁ বাধাগ্ৰস্ত হৈ পৰিছিল। প্ৰতিবন্ধকতা আহিছিল প্ৰতিটো খুজতে। তাক অতিক্ৰম কৰি এতিয়া জয়ন্তই নিজকে চিনাকি দিবলৈ সক্ষম হৈছে। হাজাৰজনৰ মাজত এজন হিচাপে নিজকে আগুৱাই নিছে। বহুলোকে খবৰ ৰাখে কেনেদৰে নিজৰ শৰীৰচৰ্চাৰ কামকাজ তেওঁ আগবঢ়াই নিছে।
মুখত এমুকোৰা হাঁহি লৈ সকলো কথাৰে উত্তৰ দিয়ে জয়ন্তই। তেওঁ সকলোৰে পৰা আশীৰ্বাদ বিচাৰে। আগুৱাই যোৱাত সকলো লোকৰে পৰা তেওঁ সহায় বিচাৰে। আৰ্থিক অনাতনৰ বাবে ক্ৰয় কৰিব পৰা নাই শৰীৰচৰ্চাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী। যাব পৰা নাই সকলো প্ৰতিযোগিতাতে অংশ লবলৈ। তাৰ পিছতো তেওঁ সুখী। কাৰণ তেওঁ যি আছে তাৰে আগবাঢ়ি যাবলৈ শিকিছে। এতিয়া তেওঁক আগবাঢ়ি যাবলৈ সহায় লাগে। সুহৃদজনৰ সহায়েৰে জীৱনৰ বাটত তেওঁ আগুৱাই যাবলৈ সাহস পাব। মনোৱল বৃদ্ধি পাব জয়ন্তৰ। অব্যাহত ৰাখিব পাৰিব শৰীৰ চৰ্চা…