জয়ন্ত মল্ল, নন্দিতা গাৰ্লোচাই ল’ব মন্ত্ৰীত্বৰ শপতঃ উৎসাহ নাই বিজেপিৰ পুৰণি শিবিৰত…

জয়ন্ত মল্ল, নন্দিতা গাৰ্লোচাই ল’ব মন্ত্ৰীত্বৰ শপতঃ উৎসাহ নাই  বিজেপিৰ পুৰণি শিবিৰত…

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ বৃহস্পতিবাৰে হ'ব। সেই অনুসৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে মন্ত্ৰীসভাত দুজন নতুন মন্ত্ৰীক মন্ত্ৰীসভাত স্থান দিব। সেই ঘোষণা অনুসৰিয়েই বৃহস্পতিবাৰে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলগীয়া দুই মন্ত্ৰীৰ নাম ঘোষণা কৰা হৈছে।

নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা আৰু হাফলং সমষ্টিৰ বিজেপি বিধায়ক নন্দিতা গাৰ্লোচাক মন্ত্ৰীত্বৰ দায়িত্ব প্ৰদান কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত মন্ত্ৰী হিচাপে এই দুই বিধায়কে বৃহস্পতিবাৰে আবেলি ৩ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শপত গ্ৰহণ কৰিব।

আনহাতে এই সম্প্ৰসাৰণৰ লগত সংগতি ৰাখি মন্ত্ৰীসভাত ব্যাপক ৰদবদল হোৱাৰ কথাও প্ৰকাশ পাইছে। উল্লেখ্য যে পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী সভাৰ সম্প্ৰসাৰণত পাৰ্বত্য জিলাৰ পৰা এগৰাকীয়ে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছিল। সেই অনুসৰিয়েই নন্দিতা গাৰ্লোচাক মন্ত্ৰীত্বৰ দায়িত্ব প্ৰদান কৰা হ'ব।

ইফালে কংগ্ৰেছ ত্যাগ কৰি হিমন্ত বিশ্ব শৰ্মাৰ লগত বিজেপিলৈ অহা জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰী হিচাপে দায়িত্ব প্ৰদান কৰা বিষয়টোত যে পুৰণি বিজেপি নেতা তথা একাংশ কৰ্মী অসন্তুষ্ট হৈ পৰিছে সেয়া সামাজিক মাধ্যমত হোৱা প্ৰতিক্ৰিয়াই প্ৰমাণ কৰিছে। বহু জ্যেষ্ঠ বিজেপি বিধায়ক তথা দলটোৰ প্ৰাক্তন সভাপতি আৰু মন্ত্ৰী থকাৰ পিছতো তেওঁলোকক মন্ত্ৰীত্বৰ দায়িত্ব নিদি জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰী হিচাপে দায়িত্ব দিয়া কাৰ্যক সামাজিক মাধ্যমক সমালোচনা কৰা হৈছে।

বহু বিজেপিৰ জ্যেষ্ঠ নেতাই ৰঞ্জিত দত্ত, সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দৰে জ্যেষ্ঠ বিজেপি বিধায়কক মন্ত্ৰীত্ব প্ৰদান কৰিব লাগে বুলিও বাদী কৰিছিল। ইফালে মিত্ৰ দল অগপ আৰু ইউ পি পি এল তথা অনানুষ্ঠানিক মিত্ৰতাৰ থকা বি পি এফৰ এজনো সদস্যক মন্ত্ৰী হিচাপে স্থান নিদিয়া বিষয়টোক দল কেইটাই কিদৰে লয় সেয়া হ'ব লক্ষ্যণীয়। বিশেষকৈ অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই অগপৰ এজন সদস্যক মন্ত্ৰী হিচাপে দায়িত্ব দিবলৈ মুকলিকৈ মন্তব্য কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in