পুলৱামা বিস্ফোৰণঃ এটা মেছেজৰ বাবেই ৰক্ষা পৰিল এগৰাকী জোৱানৰ প্ৰাণ…

পুলৱামা বিস্ফোৰণঃ এটা মেছেজৰ বাবেই ৰক্ষা পৰিল এগৰাকী জোৱানৰ প্ৰাণ…

ডিজিটেল ডেস্কঃ ৰাখে হৰি মাৰে কোনে? এই কথাষাৰেই যেন সঁচা প্ৰতিপন্ন হ'ল আহমেদাবাদৰ চি আৰ পি এফ জোৱান থাকা বিলকৰ ক্ষেত্ৰত। কাশ্মীৰত যোৱা ১৪ ফেব্ৰুৱাৰীত সন্ত্ৰাসবাদী সংগঠনে আক্ৰমণ চলোৱা সেনাৰ বাছখনত যাত্ৰী আছিল বিলকৰ। কিন্তু যাত্ৰা আৰম্ভ কৰাৰ কেইমিনিটমানৰ পূৰ্বে বিলকৰলৈ আহিছিল এটা মেছেজ। মেছেজটো চাইয়ে বাছখনৰ পৰা নামি গৈছিল সেনা জোৱানগৰাকী।

আচলতে সেই মেছেজটো আহিছিল বিভাগীয় অফিচৰ পৰা। অহা ২৪ ফেব্ৰুৱাৰীত বিলকৰৰ বিয়া। যাৰবাবে তেওঁ অফিচত ছুটী বিচাৰি আবেদন কৰিছিল। আৰু আবেদনখনেই মঞ্জুৰ হোৱা বুলি এটা মেছেজ আহিছিল বিলকৰলৈ। ইয়াৰ পাছতেই জোৱানগৰাকীয়ে বাছৰ পৰা নামি অফিচলৈ সেই মঞ্জুৰিপত্ৰখন আনিবলৈ যাওঁতেই গুচি গৈছিল সেই অভিশপ্ত বাছখন।ইয়াৰপাছতেই অন্য এখন গাড়ীৰে যাত্ৰা কৰিছিল বিলকৰে।

বৰ্তমান আহমেদাবাদৰ নিজা বাসগৃহত আছে এই চি আৰ পি এফ জোৱানগৰাকী। সংবাদমাধ্যমত পৰিয়ালৰ লোকে জনাইছে যে- ঘটনাৰ পিছৰেই পৰা পৰিয়ালৰ কোনো সদস্যক ভালকৈ মাত-বোল কৰা নাই জোৱানগৰাকীয়ে। সতীৰ্থক হেৰুৱাৰ শোকত ভাগি পৰিছে বিলকৰ। পৰিয়ালৰ লোকে বিবাহৰ প্ৰস্তুতি চলাইছে যদিও, এই ক্ষেত্ৰত বিশেষ মনোনিবেশ কৰা নাই বিলকৰে।

উল্লেখ্য যে, যোৱা ১৪ ফেব্ৰুৱাৰীত জেইছ-ই-মহম্মদ নামৰ পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনটোৱে কাশ্মীৰৰ পুলৱামাত সংঘটিত কৰা ভয়ংকৰ বোমা বিস্ফোৰণত নিহত হৈছিল প্ৰায় ৪৪জনকৈ চি আৰ পি এফ জোৱান। ইয়াৰ ভিতৰত অসমৰ মনেশ্বৰ বসুমতাৰী নামৰ এজন জোৱানো শ্বহীদ হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in