টকিঅ’ত ভয়ংকৰ ঘটনাঃ ৰে’লত এচিড ঢালি যাত্ৰীৰ ওপৰত আক্ৰমণ, আহত চাৰিজন…

টকিঅ’ত ভয়ংকৰ ঘটনাঃ ৰে’লত এচিড ঢালি যাত্ৰীৰ ওপৰত আক্ৰমণ, আহত চাৰিজন…

ডিজিটেল ডেস্কঃ হলিউডৰ জনপ্ৰিয় ছবি আৰু চৰিত্ৰ জ'কাৰৰ দৰে কাপোৰ পৰিধান কৰি ২৪ বছৰীয়া এজন যুৱকে দেওবাৰে সন্ধিয়া টকিঅ'ত এখন ৰে'ল লাইনত যাত্ৰীসকলক আক্ৰমণ কৰে, য'ত প্ৰায় ৪ চাৰিজনকৈ লোক আহত হয়। ইয়াৰে এজনৰ অৱস্থা অতি সংকটজনক। এই ব্যক্তিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। ইফালে, স্থানীয় সংবাদমাধ্যমৰ বাতৰি অনুসৰি, ব্যক্তিজনে ৰে'লখনত অগ্নি সংযোগ কৰা বুলিও জানিব পৰা গৈছে।

কিউডো নিউজৰ খবৰ অনুসৰি, ব্যক্তিজনে হাতত ছুৰি লৈ ৰে'লখনৰ চাৰিওদিশে হাইড্ৰ'ক্লৰিং এচিড ঢালি দিয়ে। নিশা প্ৰায় ৮ বজাত স্থানীয় আৰক্ষীয়ে এই খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লোক। আৰক্ষীয়ে কয় যে- ৰে'লখনত থকা বহু যাত্ৰীয়ে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ ৰে'লখনৰ খিৰিকীৰে জঁপিয়াই দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in