জামুগুৰিহাটৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত আকৰ্ষণৰ কেন্দ্ৰবিন্দু গ্ৰন্থ বিপণন শাখা...

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে গ্ৰন্থ বিপণন শাখা । এই গ্ৰন্থ বিপণন শাখাত দেখা গৈছে শ শ লোকৰ ভিৰ ৷

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
1

ডিজিটেল ডেস্কঃবৈকুণ্ঠধামলৈ ৰূপান্তৰিত জামুগুৰিহাটৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰ।শুকুৰবাৰৰ পৰা ধলাইবিল-নাহৰবাৰী পথাৰৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ বৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন। এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ আজি দ্বিতীয়টো দিন। এই দ্বিতীয়টো দিনত লাখ লাখ ভক্তৰ সমাগম ঘটিছে অধিৱেশস্থলীত। 

WhatsApp Image 2026-02-07 at 1.10.07 PM

উল্লেখ্য যে,গুৰু দুজনাৰ সৃষ্টিৰাজিৰ অবিৰত চৰ্চাৰ লগতে সমাহাৰ ঘটিছে সাহিত্য আৰু নানা কৃষ্টি-সংস্কৃতিৰ। অধিৱেশনস্থলীত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে গ্ৰন্থ বিপণন শাখা। এই গ্ৰন্থ বিপণন শাখাত দেখা গৈছে শ শ লোকৰ ভিৰ ৷ বিভিন্ন গ্ৰন্থৰে ভৰি পৰিছে অধিৱেশনস্থলী। সৰুৰ পৰা বৃদ্ধলৈ প্ৰতিজন লোকে একোকখনকৈ গ্ৰন্থ ক্ৰয় কৰিছে। পূৰ্বৰ তুলনাত এইবাৰ  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনস্থলীত যথেষ্ট লোকৰ সমাগম ঘটিছে। 

জামুগুৰিহাট