সমূহীয়া বিবাহেৰে উখল-মাখল জামুগুৰিহাটৰ চেঙেলীমৰা নামঘৰ

জামুগুৰিহাটৰ পানপুৰৰ চেঙেলীমৰাত আজি সমূহীয়াভাৱে বিবাহ সম্পন্ন হয় ৫০যোৰা দৰা কইনাৰ। চেঙেলীমৰা নামঘৰত সম্পূৰ্ণ বিবাহৰ মাংগলিক পৰম্পৰাৰে এই বিবাহ কাৰ্য সম্পন্ন কৰে ।

author-image
Asomiya Pratidin
New Update
4

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ পানপুৰৰ চেঙেলীমৰাত আজি সমূহীয়াভাৱে বিবাহ সম্পন্ন হয় ৫০যোৰা দৰা কইনাৰ। চেঙেলীমৰা নামঘৰত সম্পূৰ্ণ বিবাহৰ মাংগলিক পৰম্পৰাৰে এই বিবাহ কাৰ্য সম্পন্ন কৰে । আৰ্থিকভাৱে দুৰ্বল লোকসকলক কিছু সকাহ দিয়াৰ বাবে চেঙেলীমৰা যুৱক সংঘৰ দ্বাৰা এই সমূহীয়া বিবাহ কাৰ্য অনুষ্ঠিত হয় । 

পুৱা পানপুৰঘাটৰ ঘিলাধাৰী নদীৰ পাৰত ৫০যোৰা  দৰা কইনাক ৰাইজে নোঁৱাই ধুৱাই খোল তাঁল বজাই নামঘৰ প্ৰাংগনলৈ লৈ আনে। ইয়াৰ পাছতেই সম্পূৰ্ণ বিবাহৰ নিয়ম কানুনৰ মাজেদি সমূহীয়া বিবাহ সম্পন্ন কৰা হয়। উল্লেখ্য যে, বিভিন্ন কাৰণবশত বৃহত্তৰ অঞ্চলটোৰ যি সকলে সমাজৰ স্বীকৃতি অবিহনে পাত্ৰী লৈ আহিছিল সেই সকলক সামাজিক স্বীকৃতি প্ৰদান কৰি আজিৰ পৰা সামূহিক কাম-কাজত অংশগ্ৰহণ কৰাৰ উদ্দেশ্য আগত ৰাখি এই সমূহীয়া বিবাহ কাৰ্য সম্পন্ন কৰে। 

জামুগুৰিহাট