ঝাৰখণ্ডত হত্যা জামুগুৰিহাটৰ কৈলাশ নাথক...

জামুগুৰিহাটৰ বামুনবাৰী সৰুফলীয়া গাঁৱৰ যুৱকক বহিৰাজ্য ঝাৰখণ্ডত হত্যা। জঘন্য হত্যাৰ বলি হোৱা যুৱকজনৰ নাম কৈলাশ নাথ। যুৱকজনৰ অকাল মৃত্যুৰ বাতৰি পাই শোকত ম্ৰিয়মান গাঁওবাসী ৰাইজ৷ 

author-image
Asomiya Pratidin
New Update
new ap web2
  • জামুগুৰিহাটৰ বামুনবাৰী সৰুফলীয়া গাঁৱৰ যুৱকক ঝাৰখণ্ডত হত্যা।
  • জঘন্য হত্যাৰ বলি হোৱা যুৱকজনৰ নাম কৈলাশ নাথ।
  • যুৱকজনৰ অকাল মৃত্যুৰ বাতৰি পাই শোকত ম্ৰিয়মান গাঁওবাসী ৰাইজ৷ 
  • বহিৰাজ্যৰ কোম্পানীত চিকিউৰিতি গাৰ্ড হিছাপে কৰ্মৰত হৈ আছিল কৈলাস নাথ।
  • দূৰ্বৃত্তই হত্যা কৰি ঝাৰখণ্ডৰ ৰাজখাৰচোৱা নামৰ এটা ৰেল ষ্টেচনত পেলাই থোৱা অৱস্থাত স্থানীয় আৰক্ষীয়ে উদ্ধাৰ কৰে ।
  • ভোগালী বিহু উপলক্ষে নিজগৃ্‌হ অভিমুখে ৰাওনা হোৱাৰ সময়তে সংঘটিত হয় এই হত্যাকাণ্ডৰ দৰে ঘটনা।
  • বামুনবাৰী সৰুফলীয়া গাঁৱৰ প্ৰয়াত ইন্দ্ৰেশ্বৰ নাথৰ কনিষ্ঠ পুত্ৰ কৈলাস নাথৰ এই হত্যাকাণ্ডৰ উচিৎ তদন্তৰ দাবী জনাইছে গাঁওবাসী ৰাইজে।
  • স্হানীয় বিধায়কৰ জৰিয়তে অসমৰ মূখ্যমন্ত্ৰীক অনুৰোধ পৰিয়াল ও গাওবাসীৰ৷
  • এতিয়াও বহি:ৰাজ্য ঝাৰখণ্ডতে থকা যুৱক জনৰ মৃতদেহ জামুগুৰিহাটৰ ঘৰখনলৈ ঘুৰাই আনিবৰ বাবে চৰকাৰৰ সহায় বিচাৰিছে অতি দৰিদ্ৰ দুৰ্ভগীয়া পৰিয়ালটোৱে।
ঝাৰখণ্ড