জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ অব্যাহত, এজন জোৱান ছহিদ

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ  স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে কুটাঘাত সংঘটিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। শ্ৰীনগৰ সমীপৱৰ্তী বটমালুত সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ বৰ্তমান অব্যাহত আছে।

এই সংঘৰ্ষত এজন জোৱান ছহিদ হৈছে। ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান জানিবলৈ দিয়া মতে, সন্ত্ৰাসবাদীৰ উপস্থিতিৰ কথা গম পাই সেনা আৰু আৰক্ষীয়ে অঞ্চলটো ঘেৰি অভিযান চলাইছিল।

তেতিয়াই সন্ত্ৰাসবাদীয়ে সেনালৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে। এই সংঘৰ্ষত বিশেষ অভিযানকাৰী দলৰ এজন জোৱান ছহিদ হৈছে।

ইয়াৰ লগতে জম্মু-কাশ্মীৰ পুলিচৰ আন এজন জোৱান আৰু চি আৰ পি এফৰ দুজন জোৱান আহত হৈছে বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in