জামাদাৰহাট সমবায় সমিতিৰ নিৰ্বানত মদ্য পান কৰি আৰক্ষীৰ লাঠি চালনা…

জামাদাৰহাট সমবায় সমিতিৰ নিৰ্বানত মদ্য পান কৰি আৰক্ষীৰ লাঠি চালনা…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ ধুবুৰী জিলাৰ জামাদাৰ হাট সমবায় সমিতিৰ নিৰ্বাচনৰ বাবে দেওবাৰে ভোটদান হোৱাৰ পাছত ভোট গণনা চলি থকাৰ মাজতে ভোট গণনা কক্ষৰ বাহিৰত ভিৰ কৰা জনতাক উদ্দেশ্যি এদল আৰক্ষীয়ে মদ্য পান কৰি লাঠি চালনা কৰি প্ৰহাৰ কৰাৰ লগতে দোকান ভাঙি লণ্ড ভণ্ড কৰি দোকানৰ টকা লুটপাট চলোৱাৰ উপৰিও মছজিদৰ ভিতৰত গৈ ৰাইজক লাঠি চালনা কৰা ঘটনাক লৈ অঞ্চলটোত এক উত্তেজনাময় পৰিস্থিতৰ সৃষ্টি হয়।

প্ৰাপ্ত বাতৰি মতে, দেওবাৰে দিনজুৰি সমবায় সমিতিৰ নিৰ্বাচনৰ বাবে ভোট গ্ৰহন কৰি নিশা প্ৰায় সাত বজাৰ পৰা আৰম্ভ হয় ভোট গননা। কিছু সময়ত ভোট গণনা চলি থকাৰ মাজতে হঠাত এদল আৰক্ষীৰ লোক হাতে হাতে লাঠি-বন্দুক লৈ ভোট গণনা কেন্দ্ৰ বাহিৰত ভিৰ কৰা লোকক খেদিবলৈ গৈ লাঠি চালনা কৰিবলৈ আৰম্ভ কৰে। প্ৰায় দহ হেজাৰ লোকৰ ভীৰ হোৱা ৰাইজে কোনোমতে লাঠিৰ কোপৰ পৰা ৰক্ষা পাবলৈ দৌৰা-দৌৰিকৈ পলাবলৈ ধৰে যদিও আৰক্ষীয়ে এফালৰ পৰা লাঠি চালনা কৰি গৈ থকাত দহ জনতকৈ অধীক লোক আহত হয়।

ইয়াৰে পাচজন লোক গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈ অসুস্থ হৈ পৰা পৰিলক্ষিত হয়। অভিযোগ মতে আৰক্ষীয়ে মদ্য পান কৰি এইদৰে ৰাইজৰ ওপৰত অত্যাচাৰ চলাবলৈ আৰম্ভ কৰে। ইফালে ভোট গণনা কেন্দ্ৰৰ কাষতে ৰাইজৰ সুবিধাৰ বাবে পুৱাৰ পৰা একাংশ ব্যৱসায়ীয়ে দোকান দি বেচা-কিনা কৰা দোকানতো আৰক্ষীয়ে আক্ৰমণ কৰাত দোকান ভাঙি লণ্ড-ভণ্ড হোৱাৰ লগতে ইতিমধ্যে বেচা কিনা কৰা টকা খিনি সুযোগ বুজি আৰক্ষীয়ে লুটি নিয়া বুলি অভিযোগ উঠিছে।

সুৰাপান কৰি আৰক্ষীৰ দলটো ইমানতে ক্ষান্ত নাথাকি মছজিদৰ ভিতৰত দৌৰি পলায়ন কৰা লোকৰ ওপৰত অত্যাচাৰ চলাবলৈ মদ্য পান কৰা অৱস্থাত মছজিদত প্ৰবেশ কৰাৰ ফলত ৰাইজৰ মাজত উত্তেজনাৰ সৃষ্টি হয়। ইয়াৰ পাছতে আৰক্ষীৰ দলটো ঘটনাস্থলীৰ পৰা আতৰি যোৱাৰ লগতে আন একাংশ আৰক্ষীৰ লোক পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে যদিও ৰাইজে আৰক্ষী প্ৰশাসনৰ ওপৰত ক্ষুব্ধ হৈ ভোট গননা বন্ধ কৰি দিয়ে।

ইফালে পৰিস্থিতি উত্তপ্ত হোৱাৰ বাবে পুৱাৰ ভাগতে জলেশ্বৰ সমষ্টিৰ বিধায়ক সাহাব উদ্দিন আহমেদ ঘটনাস্থলীত উপস্থিত হৈ মদাহী আৰক্ষীৰ শাস্তি নোহোৱালৈ ভোট গননা বন্ধ থাকিব বুলি হুংকাৰ প্ৰদান কৰে। ফলত জিলা আৰক্ষী ফালৰ পৰা শীৰ্ষ আৰক্ষী বিষয়া আৰু জিলা প্ৰশাসনৰ লোক আহি উক্ত মদাহী আৰক্ষী কেইজনক ৰাজহুৱা ক্ষমা বিচৰাৰ পাছত পুনৰ ভোট গ্ৰহনৰ কাম আৰম্ভ হোৱা বুলি জনা গৈছে। কটকটীয়া নিৰাপ্তাত্তাৰ মাজত পুনৰবাৰ ভোট গ্ৰহণ চলি থকা পৰিলক্ষিত হৈছে।

মন কৰিবলগীয়া যে, যি আৰক্ষীয়ে ৰাইজৰ সমস্যা সমাধানৰ বাবে চৰকাৰে প্ৰেৰণ কৰে সেই আৰক্ষী যদি দানব হৈ পৰে তেন্তে ৰাইজৰ সমস্যা সমাধান হব কেনেকৈ বুলি বিধায়ক গৰাকী ঘটনাস্থলীত উপস্থিত হৈ মন্তব্য কৰে। লগতে তেও কয় যে এনে আৰক্ষী আমাক নালাগে। আমি নিজেই নিজৰ কাম কৰিব পাৰিম। বিধায়ক গৰাকীৰ এনে মন্তব্যৰ পাছত বাধ্য হৈ জিলা আৰক্ষীৰ ফালৰ পৰা শীৰ্ষ বিষয়া আহি সমস্যা সমাধান কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে। এতিয়া জিলা আৰক্ষীয়ে এনে দানবৰূপী মদাহী আৰক্ষীৰ বিৰুদ্ধে কি ব্যৱস্থা কৰে সেয়া পৰবৰ্তী সময়ত লক্ষণীয় হব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in