ৰাজ্য চৰকাৰৰ চৰম অৱহেলাৰ বাবে ধ্বংসৰ মুখলৈ গতি জখলাবন্ধাৰ এৰি সমাহাৰ কেন্দ্ৰৰ…

ৰাজ্য চৰকাৰৰ চৰম অৱহেলাৰ বাবে ধ্বংসৰ মুখলৈ গতি জখলাবন্ধাৰ এৰি সমাহাৰ কেন্দ্ৰৰ…

ডিজিটেল সংবাদ, কলিয়াবৰঃ বৰ্তমানৰ শাসনাধীস্থিত বিজেপি মিত্ৰজোঁট চৰকাৰ খনৰ চৰম অৱহেলাতে এতিয়া ধ্বংসৰ মুখলৈ গতি কৰিছে কলিয়াবৰৰ জখলাবন্ধাস্থিত এৰি সমাহাৰ কেন্দ্ৰটোৱে। এক কথাত ক'বলৈ গলে চৰকাৰৰ চকুৰ সন্মুখতে প্ৰচুৰ সম্ভাৱনা থকা কেন্দ্ৰটোৰ ঘৰৰ ভেটিত এতিয়া তিতা লাও গজাৰ উপক্ৰম ঘটিছে। যি সময়ত অসমৰ এৰি মুগা শিল্পই বিদেশত বজাৰ দখলৰ দিশে আগ বাঢ়িছে সেই সময়ত ৰাজ্য চৰকাৰে অসমৰ ঐতিহ্য বাহি এৰি মুগা শিল্পৰ পুনৰ্জীৱিতকৰণৰ পিনে পিঠি দিয়া কথাই সচেতন মহলক স্তম্ভিত কৰিছে।

১৯৮৭ চনতে স্থাপিত জখলাবন্ধাৰ এৰি সমাহাৰ কেন্দ্ৰটো এতিয়া এৰা বাৰিত পৰিণত হোৱা দেখা গৈছে। সৰ্বমুঠ ৬০ বিঘা ভূমিৰে পৰিবেস্তিত পাম খন এতিয়া গৰুৰ চৰনীয়া পথাৰত পৰিনত হোৱা দেখা গৈছে। পামখনত সাক্ষী গোপাল হৈ থকা পুৰণিকলীয়া ঘৰতো এতিয়া সম্পূৰ্ণ ৰূপে জহি খহি যোৱাৰ উপক্ৰম হৈছে। পূৰ্বতে এজন বিষয়া আৰু পাঁচজন কৰ্মচাৰীৰে গিজগিজাই থকা কেন্দ্ৰটো এতিয়া বিষয়া সহ তিনিজন কৰ্মচাৰী কৰ্মৰত। দীৰ্ঘদিন ধৰি তিনিটা পদ খালি হৈয়ে আছে।

কিছু বছৰৰ আগলৈকে পাম খনত বিভিন্ন মূল্য বান গছ-গছনিৰ লগতে এৰি মুগাৰ খাদ্য এৰা গছ, চুম গছ আদিৰে নদন বদন হৈ আছিল যদিও পৰৱৰ্তী সময়ত গছসমূহ কাৰ নিৰ্দেশত কাটি পেলোৱা হল তাকলৈ প্ৰশ্ন উঠিছে। এই ক্ষেত্ৰত তদন্তৰো দাবী কৰিছে স্থানীয় ৰাইজে। স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত বিধায়ক হৈ থকা কালতে কলিয়াবৰত শোচনীয় এৰি মুগা ফাৰ্ম সমূহ তড়ান্বিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও কাৰ্যত দেখা পোৱা নগল। পৰৱৰ্তীকালত ২০১৫-১৬ বৰ্ষত এনৰেগা আঁঁচনিৰ জৰিয়তে জখলাবন্ধা এৰি সমাহাৰ কেন্দ্ৰটোৰ উন্নয়নৰ বাবে ২৬.৬০ লাখ টকা আৱন্টন দিয়া হৈছিল । স্থানীয় বিধায়ক কেশৱ মহন্তই কামৰ শুভাৰম্ভও কৰিছিল। ব্যয় হ'ব লগা ধনৰ পৰিমাণ ভাগে ভাগে উল্লেখ কৰি পকী ফলকো স্থাপন কৰা হৈছিল। কিন্তু বিজেপি চৰকাৰে শাসনভাৰ লোৱাৰ পাছতে আঁঁচনিখন ৰহস্যজনক কাৰণত বন্ধ কৰা হ"ল। আঁঁচনি খন কিয় বন্ধ হ'ব লগা হ'ল স্থানীয় ৰাইজে আজিকোপতি তাৰ ভূ নাপালে। এতিয়া তাকলৈয়ে স্থানীয় ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

লক্ষণীয় যে, সদ্য ঘোষিত ৰাজ্য চৰকাৰৰ বাজেটত ধ্বংস প্ৰাপ্ত এৰি মুগা কেন্দ্ৰ সমূহৰ উন্নয়নৰ শিতানত এটা লাল পইচাও নধৰা কথাই প্ৰমাণ কৰে আপুৰুগীয়া মুগা শিল্প বিধৰ প্ৰতি ৰাজ্য চৰকাৰৰ দায়বদ্ধতা কিমান ?উল্লেখ্য যে এৰি পলু পালনৰ সৰল পদ্ধতি আৰু উৎপাদনৰ জনপ্ৰিয়তা আৰু প্ৰচাৰ ৰাজ্য চৰকাৰে কেৱল বিজ্ঞাপনতে আবদ্ধ ৰখাৰ বাবেই প্ৰণালী বদ্ধ ভাবে কাম নকৰাৰ হেতু কুটীৰ শিল্প বিধে ৰাজ্য খনত এতিয়াও গা কৰি উঠিব নোৱাৰাৰ অভিযোগ আছে।

স্থানীয় একাংশ লোকৰ অভিযোগ ৰাজ্য চৰকাৰৰ মন্ত্ৰী সভাত ৰেচম মন্ত্ৰী হিচাপে এগৰাকী মন্ত্ৰীক নিয়োগ কৰাৰ পাছতো ৰাজ্যৰ ৰেচম বিভাগটোলৈ পিঠি দিয়াৰ ৰহস্য কি বুলি প্ৰশ্ন কৰিছে। কলিয়াবৰবাসী ৰাইজে শীঘ্ৰে কেন্দ্ৰটোক উন্নীতকৰণ কৰি গ্ৰামাঞ্চালৰ আগ্ৰহী মহিলা সকলক এৰি পলু পালনৰ জৰিয়তে স্বাৱলম্বী কৰি তোলাত উদগনি যোগাবলৈ ৰাজ্য চৰকাৰক দাবী জনোৱাৰ লগতে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰো হস্তক্ষেপৰ দাবী তুলিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in