যুৱতীক অশালীন ব্যৱহাৰ কৰি জাগুনৰ সুৰামত্ত সাংবাদিকে খালে লপা-থপা…

যুৱতীক অশালীন ব্যৱহাৰ কৰি জাগুনৰ সুৰামত্ত সাংবাদিকে খালে লপা-থপা…

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ জাগুনস্থিত সাংবাদিক ৰিতুপৰ্ণ ভূঞাই বৃহস্পতিবাৰে বাছত তিনিগৰাকী যুৱতীক অশালীন ব্যৱহাৰৰ লগতে শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

সুৰামত্ত ভূঞাৰ ব্যৱহাৰত অতিষ্ঠ হৈ যুৱতী কেইগৰাকীয়ে চিঞৰ-বাখৰ কৰাত বাছখনৰ যাত্ৰী সকলে লপা-থপা দি মাৰ্ঘেৰিটাৰ বাছ আস্থানত নমাই আৰক্ষীক গটাই দিয়ে। ভূঞা সাংবাদিক পৰিষদ অসম নামৰ সংগঠন এটাৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰি থকা বুলি জনা গৈছে।

দুয়ো পক্ষৰ আলোচনাৰ অন্তত আৰক্ষীয়ে ২৯৪(এ)/৩৫৪/ ৫০০ নং ধাৰাত ২০০/১৯ নম্বৰত গোচৰ ৰজু কৰি ভূঞাক মুকলি কৰি দিয়ে । ইতিমধ্যে জড়িত বৈদ্যুতিক মাধ্যমৰ সংবাদ মাধ্যমটোৱে ভূঞাক তাৎক্ষণিকভাৱে অব্যাহতি দিছে। ভূঞাৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত মাতাল সাংবাদিকজনে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in