জাগীৰোডত কাগজ কল পুনৰুজ্জীৱিতকৰণৰ দাবীত ২৭ ঘণ্টীয়া অনশন

জাগীৰোডত কাগজ কল পুনৰুজ্জীৱিতকৰণৰ দাবীত ২৭ ঘণ্টীয়া অনশন

ডিজিটেল সংবাদ, জাগীৰোডঃ নগাঁও আৰু কাছাৰ কাগজ কলক শীঘ্ৰে পুনৰ উজ্জীৱিতকৰণ কৰাৰ দাবীত কাগজকলৰ কৰ্মচাৰীসকলৰ লগতে কেবাটাও সংগঠনে আজিৰে পৰা জাগীৰোডত ২৭ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে। মঙলবাৰে দিনৰ ২ বজাৰ পৰা আৰম্ভ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অনশনকাৰীসকলে যোৱা ১৭ মাহ ধৰি পাবলৈ বাকী থকা দৰমহা আদায় দিবলৈকো দাবী জনাইছে।

উল্লেখ্য যে এসময়ত কৰ্মচাৰী আৰু চিপাহী-চন্তৰীৰে গিজগিজাই থকা নগাঁও কাগজ কলত এতিয়া বিৰাজ কৰিছে নিমাওমাও পৰিৱেশে। দৰমহাৰ অভাৱত কৰ্মচাৰীসকলৰ পানীত হাঁহ নচৰা অৱস্থা হোৱাৰ লগতে অৰ্থ আৰু চিকিৎসাৰ অভাৱত মৃত্যুক আকোৱালি লৈছে কেইবাজনো কৰ্মচাৰীয়ে।

এনে পৰিপ্ৰেক্ষিততে পুনৰ ক্ষুব্ধ হৈ পৰিছে কাগজ কল দুটাৰ কৰ্মচাৰীসকল। ইয়াৰ মাজতে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান দুটা ব্যক্তিগত খণ্ডক গতাই দিব বুলি চৰ্চা চলাটোৱেও সন্দিহান কৰি তুলিছে সকলোকে।

চৰকাৰৰ এনে ল'ৰা-ধেমালি দীৰ্ঘদিনলৈ সহ্য কৰি থকাটো সম্ভৱ নহয় বুলি উল্লেখ কৰি অনশনত ভাগ লোৱা কৰ্মচাৰীসকলে কাগজ কল দুটাৰ সন্দৰ্ভত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে শীঘ্ৰে স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছে। যদিহে চৰকাৰে শীঘ্ৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে সকলোকে আত্মজাহৰ অনুমতি দিবলৈকো চৰকাৰক দাবী জনাইছে প্ৰাপ্যৰ পৰা বঞ্চিত কাগজ কল দুটাৰ কৰ্মচাৰীসকলে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in