দিন দুপৰতে চুৰি কৰিবলৈ আহি গভাইত চোৰ ধৰা পৰিল আইভেটি সত্রত…

দিন দুপৰতে চুৰি কৰিবলৈ আহি গভাইত চোৰ ধৰা পৰিল আইভেটি সত্রত…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা সমীপৱৰ্তী আইভেটি সত্রত আজি দিন দুপৰতে চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়। এটা গভাইত চোৰে AS02 R 2212 নম্বৰৰ এখন মটৰচাইকেল চুৰি কৰি আটক হয়। আটকাধীন চোৰটো জুৰীয়াৰ মাহগুৰিতৰ ছফিকুল ইছলাম।

আজি নিনতে আইভেটি সত্ৰৰ চানু বৰা নামৰ এজন যুৱকৰ মটৰচাইকেল খন চুৰি কৰিবলৈ আহি ধৰা পৰে। পাছত ৰাইজে ধৃত চোৰ ছফিকুল ইছলামক উত্তম মধ্যম দি জাজৰি আৰক্ষীক চমজাই দিয়ে। উল্লেখ্য যে, বিগত কিছুদিন পূৰ্বে আইভেটিৰ ঐতিহ্যমণ্ডিত আইলক্ষ্মী থানত চোৰে লুটপাট চলাই সোণ ৰূপৰ আ-অলংকাৰ চুৰি কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in