ইটানগৰত ৩৬ ঘন্টীয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ…

ইটানগৰত ৩৬ ঘন্টীয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ…

ডিজিটেল সংবাদ, ইটানগৰঃ সদৌ নিছি যুৱ সন্থা, অৰ্থাৎ ANYA (আন্যা) ৰ আহ্বানত ৰাজধানী কেপিটেল কম্প্লেক্স অঞ্চলত আজি পুৱাৰে পৰা ৩৬ ঘন্টীয়া বন্ধ আৰম্ভ হৈছে। পুৱা ৫ বজাৰ পৰা আৰম্ভ হোৱা এই বন্ধ কাৰ্যসূচীৰ বাবে যুদ্ধকালীন তৎপৰতা প্ৰদৰ্শন কৰে জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী পেমা খান্দুৰ বিৰুদ্ধে ব্যাপক দূৰ্নীতিৰ অভিযোগ আনিছিল আন্যা নামৰ সংগঠনটোৱে। হাইড্ৰ'পাৱাৰ, গড়কাপ্তানী, আদি বিভাগত চৰকাৰী পুজিৰ ব্যাপক কেলেংকাৰীৰ অভিযোগ তুলি সংগঠনটোৱে চৰকাৰক কেইবাখনো স্মাৰক পত্ৰ প্ৰদান কৰিছিল।

মুখ্যমন্ত্ৰী পেমা খান্দুৱে চৰকাৰৰ মুখপাত্ৰ বামাং ফেলিক্সৰ দ্বাৰা এই অভিযোগবোৰ ভিত্তিহিন বুলি ঘোষণা কৰি কেলেংকাৰীৰ অভিযোগ খণ্ডন কৰিছিল। চৰকাৰৰ এই উত্তৰত পতিয়ন নোযোৱা সংগঠনটোৱে সেয়ে মুখ্যমন্ত্ৰী পেমা খান্দুৰ পদত্যাগৰ দাবীত ১১ জানুৱাৰীত এক সংবাদ মেলত ১৩ জানুৱাৰীৰ পুৱা ৫ বজাৰ পৰা ১৪ জানুৱাৰীৰ বিয়লি পাঁচ বজালৈকে ৩৬ ঘন্টীয়া বন্ধ ঘোষণা কৰিছিল। জিলা প্ৰশাসনে এই বন্ধ কাৰ্যসূচীক অবৈধ ঘোষণা কৰে আৰু অৰুণাচল প্ৰদেশত পূৰ্বতে বন্ধৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰে ।

কালি আবেলিৰ পৰাই আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানে ইটানগৰ, নাহৰলগুন, নিৰজুলি আদি চহৰত ফ্লেগ মাৰ্চ কৰে । নিশাই বন্ধ সমৰ্থকৰা ঘৰে ঘৰে গৈ বন্ধ সমৰ্থকক আটক কৰাৰ অভিযান চলায়। আজি পুৱাৰে পৰা সমগ্ৰ ইটানগৰত আৰক্ষীয়ে নিৰন্তৰ চহৰ দি থাকে। নাহৰলগুনৰ সমীপৰ পাপু নালাত বন্ধ সমৰ্থনকাৰীয়ে পথৰ কাষত দীৰ্ঘদিন ধৰি পৰিত্যক্ত হৈ থকা এখন গাড়ীত অগ্নি সংযোগৰ চেষ্টা চলায়। ইয়াৰ বাদেও বন্ধৰ সময়ছোৱাত কোনো অপ্ৰীতিকৰ ঘটনাৰ বাতৰি পোৱা হোৱা নাই।
জিলা উপায়ুক্ত টালো পটমে জনোৱা মতে আৰক্ষীয়ে এই পৰ্যন্ত ৫৭ জন বন্ধ সমৰ্থনকাৰীক আটক কৰিছে।

আনহাতে বন্ধৰ সময়ত উৰাবাতৰিৰ প্ৰচাৰ ৰোধ কৰাৰ বাবে ইটানগৰত কালি আবেলি পাঁচ বজাৰ পৰাই ম'বাইল ফোনৰ ইন্টাৰনেট সেৱা বন্ধৰ নিৰ্দেশ দিয়ে ৰাজ্য চৰকাৰে। ইন্টাৰনেট সেৱা বন্ধ কৰাক লৈ সৰ্বসাধাৰণ ৰাইজে চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। অৱশ্যে ব্ৰ'ডবেণ্ড ইন্টাৰনেট সেৱা অব্যাহত আছে। ইপিনে বন্ধৰ এদিন পূৰ্বেই পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি কালিয়েই ইটানগৰৰ পৰা ৱেষ্ট চিয়াং জিলালৈ যায়গৈ মুখ্যমন্ত্ৰী পেমা খান্দু।

এক সংবাদ প্ৰতিষ্ঠানক দিয়া সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী পেমা খান্দুৱে এটা এন জি অ'ৰ কথাত পদত্যাগ কৰাৰ কোনো প্ৰশ্নই নুঠে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু ভিত্তিহিন অভিযোগ তুলি তেওঁৰ পদত্যাগ দাবি কৰা কাৰ্যক ল'ৰা ধেমালি আখ্যা দিছে। তেওঁ ইয়াৰ অন্তৰালত ৰাজনৈতিক অভিসন্ধি আছে বুলিও মন্তব্য কৰে। উল্লেখ্য যে এতিয়াও বন্ধৰ ২৪ ঘন্টা সময় বাকী থকা অৱস্থাত পৰিস্থিতিয়ে কি ৰূপ লয় সেয়া অনুমান কৰিব পৰা নাযায়। এই বন্ধ কাৰ্যসূচীক লৈ সমগ্ৰ অৰুণাচল প্ৰদেশতে এক চেষ্টা উত্তেজনা বিৰাজ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in