হেৰুৱা মৰ্যাদা উদ্ধাৰ ইটালীৰঃ সন্ধিয়া আৰু নিশালৈ আছে তিনিখন যুঁজ….

হেৰুৱা মৰ্যাদা উদ্ধাৰ ইটালীৰঃ সন্ধিয়া আৰু নিশালৈ আছে তিনিখন যুঁজ….

হেৰুৱা মৰ্যাদা উদ্ধাৰ ইটালীৰঃ সন্ধিয়া আৰু নিশালৈ আছে তিনিখন যুঁজ….

ডিজিটেল ডেস্কঃ ২০১৮ চনৰ বিশ্বকাপত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জনত ব্যৰ্থ হোৱা ইটালীয়ে ৫বছৰ পিছত যেন উদ্ধাৰ কৰিলে হেৰুৱা মৰ্যাদা। ২০১৮ চনৰ ফিফা বিশ্বকাপৰ যোগ্যতা অৰ্জনত ব্যৰ্থ হোৱাৰ পিছত সুদীৰ্ঘ ৫ বছৰৰ মূৰত কোনো এক বৃহৎ টুৰ্ণামেণ্টত উজলি উঠিল ফুটবল বিশ্বৰ এসময়ৰ শক্তিশালী দেশ ইটালী। ইউৰো কাপৰ আজিৰ প্ৰথমখন মেচত তুৰ্কীৰ সৈতে মুখামুখি হৈ ইটালীয়ে ৩-০ত তুৰ্কীক পৰাস্ত কৰি সম্পূৰ্ণ পইণ্ট অৰ্জন কৰিবলৈ সক্ষম হৈছে। মন কৰিবলগীয়া যে ইটালীয়ে ইউৰো কাপৰ যোগ্যতা অৰ্জনৰ ১০খন মেচৰ ১০ খনতেই বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল।

ভাৰতীয় সময় অনুসৰি নিশা ১২ঃ৩০ মিনিটত ইটালী আৰু তুৰ্কীৰ মাজত অনুষ্ঠিত হোৱা আজিৰ প্ৰথমখন মেচৰ প্ৰথমাৰ্ধ গ'লশূন্যভাৱে সমাপ্ত হোৱাৰ পিছত দ্বিতীয়াৰ্ধত ঘটে এক বৃহৎ অঘটন। তুৰ্কীৰ ৰক্ষণ বিভাগৰ খেলুৱৈ মেৰিহ ডেমিৰেল ৫৩ মিনিটত এক আত্মঘাটি গ'ল কৰি দলক প্ৰথমটো বিপদত পেলায়। ইউৰো কাপৰ ইতিহাসত এনে ঘটনা এয়াই প্ৰথম। এক অনাকাংক্ষিত ইতিহাসৰ গৰাকী সহল তুৰ্কীৰ মেৰিহ ডেমিৰেল।

ইয়াৰ পিছত খেলখনৰ ৬৬ মিনিটত ইটালীৰ চিৰ' ইম'বিলে এটা গ'ল কৰি ইটালীক ২-০ ৰ অগ্ৰগতি প্ৰদান কৰে। আনহাতে মেচখনৰ ৭৯ মিনিটত লৰেঞ্জ'ই ইটালীৰ হৈ আন এক গ'ল কৰি ইটালীক ৩-০ৰ অগ্ৰগতী প্ৰদান কৰে। নিজৰ প্ৰথমখন মেচত ৩-০ ত জয় লাভ কৰি ইটালীয়ে সম্পূৰ্ণ পইণ্ট অৰ্জন কৰাৰ লগতে গ্ৰুপ 'এ'ৰ শীৰ্ষস্থান অধিকাৰ কৰিছে।

উল্লেখ্যে যে, ইটালীৰ চিৰ' ইম'বিলে প্ৰথমবাৰৰ বাবে ইউৰো কাপত ধাৰাবাহিকভাৱে তিনিখন খেলত গ'ল কৰিবলৈ সক্ষম হৈছে। তুৰ্কীৰ বিৰুদ্ধে কৰা তেওঁৰ এই গ'ল কেৰিয়াৰৰ যিকোনো বৃহৎ টুৰ্ণামেণ্টত কৰা প্ৰথমটো গ'ল। আজিৰ মেচখনৰ পূৰ্বে তেওঁ যোগ্যতা অৰ্জনৰ শেহতীয়া দুখন মেচত গ'ল কৰিবলৈ সক্ষম হৈছিল। ইফালে ইউৰো কাপৰ ইতিহাসত প্ৰত্যকবাৰেই তুৰ্কীয়ে নিজৰ প্ৰথমখন মেচত পৰাজয় হৈ আহিছে।তুৰ্কীয়ে এই পৰ্যন্ত সাতবাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু সাতবাৰেই নিজৰ প্ৰথমখন মেচত পৰাজয়ৰ সন্মুখীন হৈ আহিছে।

ইফালে আজিৰ গ্ৰুপ 'এ'ৰ দ্বিতীয়খন মেচ সন্ধিয়া ৬ঃ৩০ মিনিটত আৰু গ্ৰুপ 'বি'ৰ প্ৰথমখন মেচ নিশা ৯ঃ৩০ মিনিটত অনুষ্ঠিত হ'ব। বাকুত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন মেচত মুখামুখী হ'ব ৱেলছ আৰু ছুইজাৰলেণ্ড। আনহাতে তৃতীয়খন মেচ অনুষ্ঠিত হ'ব কোপেনহেগেনত। মেচখনত মুখামুখি হ'ব ডেনমাৰ্ক আৰু ফিনলেণ্ড।

ইয়াৰ উপৰিও নিশা ১২ঃ৩০ মিনিটত গ্ৰুপ 'বি'ৰ আন এখন মেচত মুখামুখি হ'ব বেলজিয়াম আৰু ৰাছিয়া।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in