কোকৰাঝাৰৰ খুটামাৰীত ইছলাম ধৰ্মাৱলম্বী লোকৰ ইস্তেমা আৰম্ভ

কোকৰাঝাৰৰ খুটামাৰীত ইছলাম ধৰ্মাৱলম্বী লোকৰ ইস্তেমা আৰম্ভ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিচিৰ কোকৰাঝাৰ চহৰৰ নিকটত থকা খুটামাৰীৰ বিশাল পথাৰত মঙলবাৰৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে তিনি মোকামৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ ইস্তেমা৷ খুটামাৰীত থকা বিশাল ধাননি পথাৰত কেইবা বিঘা ভূমিত নিৰ্মাণ কৰা বিশাল পেণ্ডেলত পুৱাৰে পৰা বিভিন্ন ঠাইৰ ইছলাম ধৰ্মাৱলম্বী লোকে উপস্থিত হোৱা দেখা গৈছে। গুৱাহাটী, লক্ষিমপুৰ, কৰিমগঞ্জ, গোৱালপাৰা, কোকৰাঝাৰ, বঙাইগাঁও, গোঁসাইগাঁও, দোতমাকে ধৰি উত্তৰ প্ৰদেশ, দিল্লী, হায়দৰাবাদৰ লগতে পশ্চিমবংগৰ পৰাও ইছলাম ধৰ্মাৱলম্বী লোকে ইস্তেমাথলীত উপস্থিত হৈছে৷

আয়োজক সমিতিয়ে জনোৱা মতে আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ হোৱা ইস্তেমা থলীত প্ৰায় ৪/৫ লাখ ইছলাম ধৰ্মাৱলম্বী লোকে গোট খাই সমাজত ভাতৃত্ববোধ গঢ়ি তোলা, ইমানৰ সৈতে চলা, কাকো অন্যায় নকৰা আৰু সৃষ্টি কৰ্তাক মানি চলাৰ লগতে বিশ্ব শান্তিৰ বাবে আল্লাৰ ওচৰত দোৱা বিচাৰিব৷ ইতিমধ্যে হায়দৰাবাদৰ আব্দুল ওহাৱ, আহম্মদ আলী, উত্তৰ প্ৰদেশৰ মুফ্তি ৰিয়াছদ, মুম্বাইৰ আকবৰ দাদু, আহমেদাবাদৰ নাবিৰ আলী, ভূপালৰ মুছতাফ মিঞা, উত্তৰ লক্ষিমপুৰৰ আছমত আলী, কৰিমগঞ্জৰ জালামদ্দিন, বঙাইগাঁৱৰ আলি হুছেইন, ৰিজাউল ইছলামে ইস্তেমাথলীত আহি ইছলাম ধৰ্মাৱলম্বী লোক সকলক কেনেকৈ ধৰ্মপ্ৰান কৰি সমাজৰ সকলো শ্ৰেনীৰ লোকৰ লগত সমিলমিলেৰে আগবাঢ়ি যাব পাৰি তাৰ ওপৰত ব্যাখ্যা আগবঢ়োৱাৰ লগতে দিন শিক্ষা, ইমানৰ সৈতে চলা, পাঁচ ওৱাক্ত নামাজ আদায় কৰা, নবীৰ আদৰ্শ মানি চলাৰ ওপৰতো নিজ নিজ বক্তব্য দাঙি ধৰিছে৷

ইপিনে কোৰান, হাদিছৰ বিষয়েও ইছলাম ধৰ্মাৱলম্বী লোকক অৱগত কৰি মানৱ সমাজত শান্তিৰ কামনা কৰি অহা ২৪ জানুৱাৰীত ৰাতিপুৱা ১০ বজাত লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ সৈতে সমাজত শান্তি, ভাতৃত্ববোধ জগাই তোলাৰ বাবে আল্লাৰ ওচৰত দোৱা বিচাৰিব৷ উল্লেখ্য যে, আজিৰে পৰা আৰম্ভ হোৱা ইস্তেমা থলীত প্ৰায় ৫ হাজাৰ স্বেচ্ছাসেৱকে দিনে নিশাই নিজৰ কৰ্তব্য পালন কৰি থকাৰ উপৰিও জিলা প্ৰশাসনেও কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in