আই এছ এছ এফ বিশ্বকাপত এয়াৰ ৰাইফলৰ মহিলা শাখাত ভাৰতীয় খেলুৱৈৰ স্বৰ্ণ জয়…

আই এছ এছ এফ বিশ্বকাপত এয়াৰ ৰাইফলৰ মহিলা শাখাত ভাৰতীয় খেলুৱৈৰ স্বৰ্ণ জয়…

ডিজিটেল ডেস্কঃ আই এছ এছ এফ বিশ্বকাপ প্ৰতিযোগিতাত মহিলা শাখাত ভাৰতৰ অপূৰ্বী চান্দেলাই গঢ়িলে অভিলেখ। শনিবাৰে নতুন দিল্লীত অনুষ্ঠিত আই এছ এছ এফ বিশ্বকাপত মহিলা শাখাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেন্টত স্বৰ্ণ পদক অৰ্জন কৰি বিশ্ব ৰেকৰ্ড গঢ়িলে খেলুৱৈগৰাকীয়ে।

ড০ কৰণী সিং শ্বুটিং ৰেঞ্জত প্ৰথম দিনৰ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিবৰ বাবে ভাৰতীয় খেলুৱৈয়ে ২৫২.৯ পইণ্টৰ শ্বুটিং কৰিছিল। অপূৰ্বী চান্দেলাই ১০ মিটাৰ এয়াৰ ৰাইফলৰ ফাইনেলৰ বাবে একমাত্ৰ ভাৰতীয় খেলুৱৈ হিচাপে স্থান লাভ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in