২০২০লৈ আন এক চন্দ্ৰ মিছনৰ বাবে আমি পৰিকল্পনা কৰিছোঃ ইছৰ’…

২০২০লৈ আন এক চন্দ্ৰ মিছনৰ বাবে আমি পৰিকল্পনা কৰিছোঃ ইছৰ’…

ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ'ৰঅধ্যক্ষ কে শিৱানে শনিবাৰে কয় যে, চন্দ্ৰযান-২ মিছনে ৯৮ শতাংশ কাম সম্পূৰ্ণ কৰিছে।আৰু আমাৰ বৈজ্ঞানিকসকলে 'বিক্ৰম' লেণ্ডাৰৰ সৈতে পুনৰ সংযোগ স্থাপনৰ বাবে কাম চলাইআছে।

কে শিৱানে লগতে কয় যে, চন্দ্ৰযান-২ৰ অৰ্বিটাৰেপৰিকল্পিতভাৱে কামবোৰ সুকলমে কৰি আছে। আৰু ২০২০চনলৈ আন পৰৱৰ্তী চন্দ্ৰ মিছনৰ বাবেইছৰ'ই কাম-কাজ আৰম্ভ কৰিবলৈ লৈছে।

তেওঁ এই সন্দৰ্ভত সংবাদমাধ্যমৰআগত কয়- 'ভৱিষ্যতৰ কাম-কাজৰ ওপৰত চৰ্চা অব্যাহত আছে। অহা বছৰত মনুষ্যবিহীন মিছনৰবাবে আমি চিন্তা-চৰ্চা কৰি আছো। কিন্তু প্ৰথমে আমি এইটো বুজিব লাগিব যে বিক্ৰমলেণ্ডাৰৰ সৈতে কি হৈছিল।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in