বিশালকায় শৰীৰ! আইএছআইএছৰ নেতাক গ্ৰেপ্তাৰ কৰি বিপাঙত পৰিল ইৰাকী সেনা…

বিশালকায় শৰীৰ! আইএছআইএছৰ নেতাক গ্ৰেপ্তাৰ কৰি বিপাঙত পৰিল ইৰাকী সেনা…

ডিজিটেল ডেস্কঃ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন আইএছআইএছৰ এজন নেতাক গ্ৰেপ্তাৰ কৰি বিপাঙত পৰিল ইৰাকী সেনা। ঘৰৰ পৰা আৰক্ষী থানালৈ নিয়াৰ সময়ত আইএছআইএছ নেতাজনক লৈ তীব্ৰ অসুবিধাত পৰে সেনা বাহিনী আৰু আৰক্ষীৰ দল। এই অসুবিধাৰ কাৰণ অৱশ্যে আন নহয়, অসুবিধাৰ সৃষ্টি হ'ল কেৱল সন্ত্ৰাসবাদী নেতাজনৰ প্ৰকাণ্ড শৰীৰটোক লৈ।

উল্লেখ্য যে, দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন আইএছআইএছৰ সৈতে জড়িত থকা আৰু সেনা বাহিনীৰ বিৰুদ্ধে প্ৰৰোচিত ভাষণ প্ৰদান কৰাৰ অভিযোগত ইৰাকী সেনাৰ 'স্বাত' বাহিনীয়ে গ্ৰেপ্তাৰ কৰিছিল অবু আব্দুল বাৰী নামৰ মৌলবীজনক। ইৰাকী আৰক্ষী সূত্ৰই সদৰী কৰা মতে, এই মৌলবী জনৰ বিৰুদ্ধে আইএছআইএছৰ সমৰ্থন নকৰা মৌলবীক হত্যাৰ নিৰ্দেশ দিয়াৰ অভিযোগো আছে। ছ'চিয়েল মিডিয়াত 'জব্বা দ্য জিহাদী' নামেৰে পৰিচিত অবু আব্দুল বাৰীৰ সন্ধান দীৰ্ঘদিনৰে পৰাই চলাই আহিছিল ইৰাকী সেনাই। অৱশেষত ইৰাকৰ মচুল চহৰত আত্মগোপন কৰি থকা অৱস্থাত ইৰাকী সেনাৰ 'স্বাত' বাহিনীয়ে গ্ৰেপ্তাৰ কৰে সন্ত্ৰাসবাদী নেতাজনক।

কিন্তু গ্ৰেপ্তাৰৰ পিছতে সন্ত্ৰাসবাদী নেতাজনক লৈ অসুবিধাত পৰে গ্ৰেপ্তাৰকাৰী দল। ৫৬০ পাউণ্ড অৰ্থাৎ ২৫০ কেজি ওজনৰ বিশালকায় শৰীৰৰ বাবে কাৰত বহুৱাই সন্ত্ৰাসবাদীজনক লৈ যোৱা অসম্ভৱ হৈ পৰে গ্ৰেপ্তাৰকাৰী দলৰ বাবে। যাৰ বাবে অৱশেষত এখন পিকআপ ট্ৰাক মাতি তাত বহুৱাই লৈ যোৱা হয় সন্ত্ৰাসবাদী মৌলবীজনক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in