জ্বলিছে ইৰাক! চৰকাৰৰ বিৰুদ্ধে ৰাজপথত জনতাৰ বিক্ষোভ, নিহত ৩৪, আহত ডেৰ সহস্ৰাধিক

জ্বলিছে ইৰাক! চৰকাৰৰ বিৰুদ্ধে ৰাজপথত জনতাৰ বিক্ষোভ, নিহত ৩৪, আহত ডেৰ সহস্ৰাধিক

ডিজিটেল ডেস্কঃ চৰকাৰী চাকৰি আৰু দুৰ্নীতি নিৰ্মূলৰ দাবীৰে বিগত তিনিদিন ধৰি উত্তাল হৈ আছে ইৰাক। দেশখনৰ বিভিন্ন প্ৰান্তত লক্ষাধিক নাগৰিক ৰাজপথলৈ ওলাই আহি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদত এতিয়ালৈকে প্ৰাণ হেৰুৱাইে কমেও ৩৪ জন লোকে। বৃহস্পতিবাৰে গণ আন্দোলনৰ সময়ত এগৰাকী আৰক্ষী বিষয়াসহ ১২ জনৰ মৃত্যু ঘটে। অন্যহাতে এই উত্তাল প্ৰতিবাদত ডেৰ হাজাৰৰো অধিক লোক আহত হোৱা বুলি ৰাষ্ট্ৰখনৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। আহত সকলৰ ভিতৰত ৪২৩ জনেই হৈছে নিৰাপত্তাৰক্ষী।

ইৰাকৰ দক্ষিণ প্ৰান্তৰ চহৰ সমূহত বিশেষকৈ এই চৰকাৰ বিৰোধী প্ৰতিবাদে অধিক তীব্ৰ ৰূপ ধাৰণ কৰিছে। চৰকাৰী সংস্থাপন, নিম্ন মানদণ্ডসম্পন্ন চৰকাৰী সেৱা আৰু দুৰ্নীতিৰ বিৰুদ্ধে ১ অক্টোবৰ অৰ্থাৎ মঙলবাৰৰ পৰা বাগদাদৰ ৰাজপথত প্ৰতিবাদত নামিছে লক্ষাধিক প্ৰতিবাদকাৰী। আনফালে প্ৰতিবাদকাৰীক দমন কৰিবলৈ প্ৰশাসনে কন্দুৱা গেছ আৰু গুলীচালনা কৰিবলৈও বাধ্য হৈছে।

কিন্তু ৰাষ্ট্ৰখনৰ চৰকাৰ তথা প্ৰশাসনে প্ৰতিবাদ দমন কৰিবলৈ গ্ৰহণ কৰা পন্থাৰ পিছত যেন এই প্ৰতিবাদ অধিক তীব্ৰ গতিত সিঁচৰিত হৈ পৰে। ইখনৰ পিছত সিখন চহৰত সাব্যস্ত হয় প্ৰতিবাদ। চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত হোৱা এই প্ৰতিবাদ দমন কৰিবলৈ মোতায়েন কৰা আৰক্ষী আৰু নিৰাপত্তীৰক্ষীৰো সংঘৰ্ষত লিপ্ত হয় প্ৰতিবাদকাৰী। যাৰ ফলত কমেও ৩৪ জন লোক নিহত হোৱাৰ লগতে ডেৰ সহস্ৰাধিক লোক আহত হয়।

উল্লেখ্য যে, মাত্ৰ এবছৰ পূৰ্বে ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰী ৰূপে ক্ষমতালৈ আহিছিল আদেস আব্দুল মাহদি। তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে জনতাৰ এনে বৃহৎ বিক্ষোভে চৰকাৰৰ কাম-কাজতো প্ৰভাৱ পেলাইছে। চৰকাৰ তথা প্ৰশাসনে এই বিক্ষোভ দমন কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। বাগদাদকে ধৰি দক্ষিণৰ চহৰ সমূহত ২৪ ঘণ্টাই কাৰ্ফিউ জাৰি কৰিছে প্ৰশাসনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in