আমেৰিকাৰ ওপৰত জেনেৰেল কাছিম চোলেমানীৰ হত্যাৰ প্ৰতিশোধ ল’ব ইৰানে! টুইটযোগে সকিয়নী ৰাষ্ট্ৰপতিৰ…

আমেৰিকাৰ ওপৰত জেনেৰেল কাছিম চোলেমানীৰ হত্যাৰ প্ৰতিশোধ ল’ব ইৰানে! টুইটযোগে সকিয়নী ৰাষ্ট্ৰপতিৰ…

ডিজিটেল ডেস্কঃ বাগদাদত শুকুৰবাৰে মাৰ্কিন বায়ু সেনাৰ আক্ৰমণত ইৰানী জেনেৰেল কাছিম চোলেমানী নিহত হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ইৰানে। ইৰানৰ ৰাষ্ট্ৰপতি হাছান ৰুহানীয়ে টুইটযোগে আমেৰিকাক প্ৰতিশোধৰ সকিয়নী প্ৰদান কৰিছে। ইফালে পৰিস্থিতিৰ অধিক অৱনতি ঘটাত বাগদাদস্থিত মাৰ্কিন দূতাবাসে ইৰাকত থকা আমেৰিকান নাগৰিকসকলক অতি সোনকালে নিজ দেশলৈ উভতি যাবলৈ পৰামৰ্শ প্ৰদান কৰিছে।

উল্লেখ্য যে, শুকুৰবাৰে ইৰাক-ইৰান সীমান্তৰ সমীপৰ বাগদাদ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত মাৰ্কিন বায়ু সেনাই ৪টাকৈ ৰকেটৰে আক্ৰমণ চলাইছিল। মাৰ্কিন বায়ু সেনাই বিমান বন্দৰত ২ খন বাহনক লক্ষ্য কৰি লৈ আক্ৰমণ চলাইছিল বুলি ইৰানৰ সংবাদ মাধ্যমে সদৰী কৰিছে। এই বাহন দুখনৰ এখনত জেনেৰেল কাছিম চোলেমানীয়ে এজন সতীৰ্থৰ সৈতে যাত্ৰা কৰি থকাৰ সময়তে আক্ৰমণ চলাই মাৰ্কিন সেনাই। আক্ৰমণত আইআৰজিচিৰ প্ৰধান জেনেৰেল কাছিম চোলেমানীৰ লগতে মেজৰ জেনেৰেল আব্দুল ৰহিম মৌছাভি নিহত হয়। মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নিৰ্দেশতেই মাৰ্কিন সেনাই এই আক্ৰমণ সংঘটিত কৰিছিল বুলি ইতিমধ্যে স্বীকাৰ কৰিছে মার্কিন বিদেশসচিব মাইক পম্পেয়ে।

আমেৰিকান নাগৰিকক সোনকালে ইৰাক এৰিবলৈ পৰামৰ্শ মাৰ্কিন দূতাবাসৰঃ

বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাগদাদত থকা মাৰ্কিন দূতাবাসে শুকুৰবাৰে বিজ্ঞপ্তিযোগে ইৰাকত থকা আমেৰিকান নাগৰিকসকলক সোনকালৈ আমেৰিকালৈ উভতি যাবলৈ পৰামৰ্শ দিয়ে। তদুপৰি এই সময়ত ইৰাক ভ্ৰমণ বাতিল কৰিবলৈও আহ্বান জনায় দূতাবাসে। লগতে মাৰ্কিন দূতাবাসৰ ওচৰে পাজৰে নাযাবালৈ আৰু দেশৰ সৰু বৰ সকলো খা-খবৰ ৰাখি থাকিবলৈও সকলোকে আহ্বান জনায় মাৰ্কিন দূতাবাসে।

ইফালে আমেৰিকাৰ এয়াৰষ্ট্ৰাইকৰ পিছতে ইৰানে ক্ষোভ ব্যক্তি কৰি আমেৰিকাৰ ওপৰত প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি সতৰ্ক কৰি দিছে। ইৰানৰ ৰাষ্ট্ৰপতি হাছান ৰুহানীয়ে এটা টুইটত লিখিছে যে জেনেৰেল কাছিম চোলেমানীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যি আক্ৰমণাত্মক পন্থা গ্ৰহণ কৰিছিল, পৰৱৰ্তী সময়তো সেয়া অব্যাহত ৰখা হ'ব। আমেৰিকাই যি ধৰণে স্বাৰ্থসিদ্ধি কৰিছে, তাৰ প্ৰতিশোধ নিশ্চিতভাৱে লোৱা হ'ব বুলিও সকিয়নী প্ৰদান কৰে হাছান ৰুহানীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in