গ্ৰেপ্তাৰ হ’ব পাৰে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প!…

গ্ৰেপ্তাৰ হ’ব পাৰে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প!…

ডিজিটেল ডেস্কঃ ইৰানৰ বাগদাদত ড্ৰোণ আক্ৰমণৰে ইৰানী সেনাৰ শীৰ্ষ জেনেৰেলক হত্যা কৰাৰ অপৰাধত আমেৰিকা ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু আন ১২গৰাকী লোকৰ গ্ৰেপ্তাৰৰ বাবে ৱাৰেন্ট জাৰি কৰিছে। এই সমূহলোকক গ্ৰেপ্তাৰৰ বাবে ইন্টাৰপলৰ সহযোগিতা বিচাৰিছে ইৰানে। সোমবাৰে ইৰানৰ স্থানীয় এক সংস্থাই এই বিষয় ৰাজহুৱা কৰিছে।

উল্লেখ্য যে, ইৰানৰ এই প্ৰদক্ষেপ ট্ৰাম্পৰ বাবে বৰ বেছি বিপদজনক নহ'ব যদিও এই ঘটনাৰ পৰা স্পষ্ট হৈছে দুয়োখন দেশৰ মাজত চলি থকা সংঘাত। ইৰানে ট্ৰাম্পৰ কাৰ্যকাল শেষ হোৱাৰ পাছতো তেওঁক গ্ৰেপ্তাৰৰ বাবে যাৱতীয় সকলো প্ৰক্ৰিয়া চলাই যাব বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে।

এই বিষয়ৰ সন্দৰ্ভত ইৰানে স্পষ্ট কৰি দিছে যে, যোৱা ৩ জানুৱাৰীত বাগদাদত যি ড্ৰোণ আক্ৰমণ কৰা হৈছিল, সেই ঘটনাত জড়িত আছিল ট্ৰাম্পৰ সৈতে আন ৩০গৰাকীকৈ ব্যক্তি। এই আক্ৰমণতে নিহত হৈছিল জেনেৰেল কাছিম চুলেমান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in