সমাগত আই পি এলঃ বৰ্ষাপাৰাত অনুশীলনত ব্যস্ত টীম ৰাজস্থান ৰয়েল’ছ..

সমাগত আই পি এলঃ বৰ্ষাপাৰাত অনুশীলনত ব্যস্ত টীম ৰাজস্থান ৰয়েল’ছ..

ডিজিটেল ডেস্কঃ সাজু হওক ক্ৰিকেটপ্ৰেমী সকল, কিয়নো আই পি এল লৈ মাজত মাত্ৰ কেইটামান দিন বাকী। অহা ২৯ মাৰ্চৰ পৰা ২৪ মে'লৈ অনুস্থিত হবলগীয়া এইবৰ্ষৰ আই পি এল অংশ গ্ৰহণ কৰিব দেশৰ মুঠ ৮ টা দলে। দেশ-বিদেশৰ তাৰকা ক্ৰিকেট খেলুৱৈয়ে অংশ লবলগীয়া ২০২০ আই পি এলৰ প্ৰথমখন মেচত যুজঁ দিব Mumbai Indians আৰু Chennei Super Kingsয়ে। মহাৰাষ্ট্ৰত অনুস্থিত হ'বলগীয়া এই মেচখনক লৈ প্ৰৱল উৎসাহী ক্ৰিকেটপ্ৰেমীসকল, কিয়নো দুয়োটা দলতে আছে কেইবাজনো তাৰকা খেলুৱৈ।

এইবৰ্ষৰ আই পি এলৰ বাবে ৰাজস্থান ৰয়েলছে দ্বিতীয়খন ঘৰুৱা খেলপথাৰ হিচাপে ব্যৱহাৰ কৰিব বৰ্ষাপাৰা ষ্টেডিয়ামক। ২৭, ২৮ আৰু ২৯ ফেব্ৰুৱাৰীত দলটোৱে অনুশীলন কৰিব বৰ্ষাপাৰা ষ্টেডিয়ামত। বৃহস্পতিবাৰৰ পৰা ৰাজস্থান ৰয়েলছৰ ৬ গৰাকী খেলুৱৈ -ৰিয়ান পৰাগ,অনুজ ৰবাৰ্ট,অংকিত ৰাজপুট, আকাশ সিং,মায়ংক মাৰ্কেন্দে, অনিৰুদ্ধ যোশীয়ে বর্ষাপাৰা ষ্টেডিয়ামত অনুশীলনত ব্যস্ত হৈ পৰিছে।

ইফালে অসম ক্ৰিকেট সন্থাই জানিবলৈ দিয়া মতে, গুৱাহাটীত আই পি এলৰ হাইভল্টেজ দুখন মেচ অনুষ্ঠিত হ'ব। ৫ আৰু ৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া এই খেল দুখনক লৈ আশাবাদী অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়াসকল। উল্লেখ্য যে, অসমৰ ক্ৰিকেটপ্ৰেমীৰ বাবে ৰাজস্থান ৰয়েলছৰ মুখ্য আকৰ্ষণ হ'ব অসম সন্তান ৰিয়ান পৰাগ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in