শেহতীয়া খবৰ
ভাস্কৰ্য শিল্পী দেৱকৃষ্ণ বৰুৱাৰ মহানুভৱতাত উজ্বলিল গোবিন্দপুৰ মজলীয়া বিদ্যালয়  •  ভাৰতীয় ৰে'লত সুৰক্ষিত নহয় যাত্ৰীঃ লামডিঙত অচেতন অৱস্থাত উদ্ধাৰ দুজন...  •  বৰমাৰ লোহিত মোছাহাৰীৰ বদন্যতাঃ নিজৰ পুথিভঁৰালৰ দুই সহস্ৰাধিক গ্ৰন্থ দান কৰিলে বড়ো থুনলাই আফাদক...  •  চুপাৰি চুৰিত অভিযুক্ত তিনিজনক জে'ললৈ প্ৰেৰণ....  •  ৪ শ্ৰমিকক আক্ৰমণ কৰা নাহৰফুটুকীক মৰিয়াই মৰিয়াই হত্যা...  •  বাক্সাত তৰমুজৰ খেতি পৰিদৰ্শন বি টি আৰৰ কাৰ্যবাহী সদস্যৰ...  •  নগাঁৱত চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দঃ এজনক আটক...  •  সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাক সোঁৱৰণ অগপ,আছুৰ...  •  নাট্য সন্মিলনৰ নগাওঁ কেন্দ্ৰীয় অধিবেশন স্থগিত...  •  ব্যতিক্ৰম আনন্দ মহিন্দ্ৰাঃ পেৰা অলিম্পিকত স্বৰ্ণজয়ী অৱনীলৈ আগবঢ়ালে বিশেষ বিলাসী বাহন...

আই পি এলত ‘ভিভো’ আউট, ক্ৰিজত ‘টাটা’ !

ডিজিটেল ডেস্কঃ চীনৰ মোবাইল ফোন নিৰ্মাতা প্ৰতিষ্ঠান ভিভো নাথাকিব আই পি এলত। আই পি এলৰ টাইটেল স্প’নছৰ ভিভোক আই পি এলৰ পৰা আঁতৰাই ভাৰতীয় প্ৰতিষ্ঠান টাটা হ’ব আই পি এলৰ টাইটেল স্প’নছৰ। ২০২৩ বৰ্ষৰ পৰা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ ঐশ্চয্যশালী প্ৰতিযোগিতা আই পি এল ২০২৩ ৰ পৰা টাটা আই পি এল বুলি জনাজাত হ’ব।

আই পি এলৰ অধ্যক্ষ ব্ৰিজেশ পেটেলে এই বিষয়ে অৱগত কৰিছে। মঙ্গলবাৰে আই পি এলৰ পৰিচালনা পৰি।দৰ এক বৈঠকত এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উল্লেখ্য যে আই পি এলৰ টাইটে স্প’নছ হিচাপে থকা ভিভোৱে প্ৰতিবছৰে বি চি চি আইক ৪৪০ কোটি টকা পৰিশোধ কৰি আহিছিল।

বিগত বৰ্ষত ভাৰত-চীন বিবাদক লৈ দেশত প্ৰতিবাদ আৰম্ভ হোৱাৰ সময়ত ভিভোৱে এবছৰৰ বাবে আই পি এলৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল। বি চি চি আইৰ ভিভোৰ সৈত ৫ বছৰীয়া এক চুক্তি আছিল। সেই চুক্তি অনুসৰি ভিভোৱে বি চি চি আইক ২১৯০ কোটি টকা প্ৰদান কৰাৰ কথা আছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি