তিহাৰতে থাকিব লাগিব পি চিদাম্বৰম…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ INX মিডিয়া কেলেংকাৰীত অভিযুক্ত দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ জামিন আবেদন খাৰিজ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। স্বাস্থ্যজনিত কাৰণত জামিন বিচাৰি পি চিদাম্বৰমে আদালতত দাখিল কৰিছিল আবেদন। চলিত বৰ্ষৰ ২১ আগষ্টত গ্ৰেপ্তাৰ কৰা পি চিদাম্বৰম বৰ্তমান আছে তিহাৰ জেলত।

পি চিদাম্বৰমৰ অধিবক্তাই জামিন বিচাৰি লগতে যুক্তি দৰ্শাইছিল যে, আই এন এক্স মিডিয়া কেলেংকাৰীৰ সকলো তথ্য-পাতি এতিয়া যিহেতু তদন্তকাৰী সংস্থাৰ হাততে আছে। গতিকে এনে অৱস্থাত তেওঁক জেলত বন্দী কৰি ৰখাটো অৰ্থহীন।

ইফালে চি বি আইৰ হাতৰ পৰা মুকলি হোৱাৰ পিছত বৰ্তমান ই ডিৰ জিম্মাত থকা চিদাম্বৰমক মুকলি কৰি নিদিবলৈ ই ডিয়ে আদালত এখন আবেদন দাখিল কৰিছিল। আবেদনত কোৱা হৈছিল যে, তদন্ত প্ৰক্ৰিয়া যিহেতু চলি আছে, গতিকে এই সময়ত অভিযুক্তক মুকলি কৰি দিলে তদন্ত প্ৰক্ৰিয়াৰ সৈতে জড়িত সাক্ষীক প্ৰভাৱিত কৰাৰো সম্ভাৱনা আছে।' সকলো দিশ চালি-জাৰি চাইয়ে ন্যায়ালয়ে শুকুৰবাৰে পি চিদাম্বৰমৰ জামিন আবেদন খাৰিজ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in