শেহতীয়া খবৰ
ভাৰতীয় ৰে'লত সুৰক্ষিত নহয় যাত্ৰীঃ লামডিঙত অচেতন অৱস্থাত উদ্ধাৰ দুজন...  •  বৰমাৰ লোহিত মোছাহাৰীৰ বদন্যতাঃ নিজৰ পুথিভঁৰালৰ দুই সহস্ৰাধিক গ্ৰন্থ দান কৰিলে বড়ো থুনলাই আফাদক...  •  চুপাৰি চুৰিত অভিযুক্ত তিনিজনক জে'ললৈ প্ৰেৰণ....  •  ৪ শ্ৰমিকক আক্ৰমণ কৰা নাহৰফুটুকীক মৰিয়াই মৰিয়াই হত্যা...  •  বাক্সাত তৰমুজৰ খেতি পৰিদৰ্শন বি টি আৰৰ কাৰ্যবাহী সদস্যৰ...  •  নগাঁৱত চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দঃ এজনক আটক...  •  সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাক সোঁৱৰণ অগপ,আছুৰ...  •  নাট্য সন্মিলনৰ নগাওঁ কেন্দ্ৰীয় অধিবেশন স্থগিত...  •  ব্যতিক্ৰম আনন্দ মহিন্দ্ৰাঃ পেৰা অলিম্পিকত স্বৰ্ণজয়ী অৱনীলৈ আগবঢ়ালে বিশেষ বিলাসী বাহন...  •  ব্যতিক্ৰম আনন্দ মহিন্দ্ৰাঃ পেৰা অলিম্পিকত স্বৰ্ণজয়ী অৱনীলৈ আগবঢ়ালে বিশেষ বিলাসী বাহন...

৪ ফেব্ৰুৱাৰীত চিত্ৰ গৃহলৈ আহিব আন্ত:ৰাষ্ট্ৰীয় বঁটা প্ৰাপক অসমীয়া বোলছবি ‘ব্ৰিজ’ …

ডিজিটেল সংবাদ নাৰায়ণপুৰ: অহা ৪ ফেব্ৰুৱাৰীত অসমৰ চিত্ৰগৃহত মুক্তিলাভ কৰিব বহু প্ৰতীক্ষিত অসমীয়া বোলছবি ‘ব্ৰিজ’ । নাৰায়ণপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে ছবিখনৰ পৰিচালক কৃপাল কলিতাই । সংবাদমেলখনৰ জৰিয়তে চলচ্চিত্ৰপ্ৰেমী ৰাইজক ছবিখন উপভোগ কৰিবলৈ আহ্বান জনাই । উল্লেখ্য যে ৫১ সংখ্যক ভাৰতীয় আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথম খন অসমীয়া ছবিৰ মূল অভিনেত্ৰী শিৱাৰাণী কলিতাই তিনিটাকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰাৰ লগতে পৰিচালক কৃপাল কলিতাই দুটাকৈ শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ।

ভাৰতৰ পৰা অস্কাৰৰ প্ৰথম দৌৰত অৱতীৰ্ণ হোৱা ব্ৰিজে এতিয়ালৈকে ১০ ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয় । ৰমা কুমাৰ দাস আৰু সবিতা দেবী প্ৰযোজিত ছবিখনে ইতিমধ্যে ৩৮ টাতকৈও অধিক আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে । কৃষ্টি পথাৰৰ বেনাৰত নিৰ্মিত পূৰ্ণ দৈৰ্ঘ্যৰ ছবি ‘ব্ৰিজ’ ৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ পৰিচালক কৃপাল কলিতাৰ । ৰমেন ৰাভাই চিত্ৰগ্ৰহণ কৰা ছবিখন সম্পাদনা কৰিছে কিশোৰ ডেকাই ।

সংবাদমেলখনত পৰিচালক গৰাকীৰ লগতে মূল অভিনেত্ৰী শিৱাৰাণী কলিতা,অভিনেতা স্বপ্নীল নাথ,অন্যতম শুভাকাংক্ষী তথা সাংস্কৃতিক কৰ্মী মৃনাল দত্ত,নীপ দত্ত,জ্যেষ্ঠ সাংবাদিক কৰোণাকৃষ্ণ নাথ প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য লোক উপস্থিত থাকে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি