টংলা আন্তঃ কলেজ ফুটবল টুৰ্নামেণ্টত পানেৰী চেম্পিয়ন 

টংলা আন্তঃ কলেজ ফুটবল টুৰ্নামেণ্টত পানেৰী চেম্পিয়ন 

ডিজিটেল সংবাদ, টংলাঃ ওদালগুৰি জিলাৰ টংলা মাষ্টাৰ্চ স্প'ৰ্টছ এছ'চিয়েছনৰ উদ্যোগত টংলা ষ্টেডিয়ামত অনুষ্ঠিত পঞ্চম বাৰ্ষিক উপেন্দ্ৰ নাথ দাস আৰু পদ্মৰাম চৌধুৰী সোঁৱৰণী ওদালগুৰি জিলা ভিত্তিক প্ৰাইজমানি ফুটবলত খিতাপ জয় কৰিছে পানেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে।

৩ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনৰ আজিৰ চূড়ান্ত খেলত পানেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ট্ৰাইব্ৰেকাৰৰ সহায়ত অৰুণোদয় জুনিয়ৰ কলেজক ৬-৫ গ'লত পৰাস্ত কৰে।

মুুঠ ১২টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ বিজয়ী দলক ১০ হাজাৰ টকাসহ উপেন্দ্ৰ নাথ দাস সোঁৱৰণী বঁটা প্ৰদান কৰে ভেৰগাঁও মহকুমাৰ মহকুমাধিপতি দিঠকানন্দ হাজৰিকাই। বিজিত দলক ৭ হাজাৰ টকাসহ পদ্মৰাম চৌধুৰী সোঁৱৰণী বঁটা প্ৰদান কৰে বঁটা দাতা ডা° অৱনী চৌধুৰীয়ে৷

অৰুণোদয় জুনিয়ৰ কলেজ দলৰ সঞ্জীৱ বড়োক কাজল দাস সোঁৱৰণী শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰে ভেৰগাঁও ক্ৰীড়া সন্থাৰ সম্পাদক লক্ষ্মীৰাম বড়ো আৰু আফটাৱ লস্কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in