জনক আৰু জৌংসাৰৰ হত্যাকাণ্ডৰ সন্দৰ্ভত তদন্ত আয়োগৰ সন্মুখত সাক্ষ্যদান বিভিন্ন দল, সংগঠনৰ…

জনক আৰু জৌংসাৰৰ হত্যাকাণ্ডৰ সন্দৰ্ভত তদন্ত আয়োগৰ সন্মুখত সাক্ষ্যদান বিভিন্ন দল, সংগঠনৰ…

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ভাৰত -ভূটান সীমান্তবৰ্তী এলেকাৰ লুংছুঙত যোৱা ১৭ ছেপ্টেম্বৰত আৰক্ষীৰসতে হোৱা সংঘৰ্ষত টিপকাইৰ জনক ব্ৰহ্ম আৰু পাটগাঁওৰ জৌংসাৰ মুছাহাৰী নামৰ দুজন যুৱক নিহত হৈছিল । সংঘৰ্ষত নিহত হোৱা জনক ব্ৰহ্ম আৰু জৌংসাৰ মুছাহাৰীক আৰক্ষীয়ে ইউ এল বিৰ কেডাৰ বুলি দাবী কৰি তেওঁলোকৰ জিন্মাৰ পৰা অস্ত্ৰ -শস্ত্ৰ উদ্ধাৰ কৰা বুলি সদৰি কৰিছিল ।

ইপিনে উক্ত ঘটনাক সম্পূৰ্ণ ভূৱা বুলি দাবী কৰি বিভিন্ন দল -সংগঠনে ভূৱা সংঘৰ্ষৰ প্ৰতিবাদ সাবস্থ্য কৰিছিল । এবছু , জনজাতি সুৰক্ষা মঞ্চ আদিকে ধৰি বিভিন্ন দল সংগঠনৰ প্ৰতিবাদত কোকৰাঝাৰৰ পৰিৱেশ উত্তাল হৈ পৰিছিল আৰু অৱশেষত জনতাৰ দাবীৰ প্ৰতি নতশিৰ হৈ চৰকাৰে জয়ন্ত নাৰ্লিকাৰৰ নেতৃত্বত এজনীয়া তদন্ত আয়োগ গঠন কৰি দিয়ে ।

আয়োগে আজি কোকৰাঝাৰ জিলা উপায়ুক্তৰ প্ৰেক্ষাগৃহত দ্বিতীয় পৰ্যায়ৰ শুনানি অনুষ্ঠিত কৰে । আজিৰ শুনানিত নিহতৰ পৰিয়ালৰ লোক , বড়ো উইমেন জাষ্টিচ ফৰাম , এবছু , জনজাতি সুৰক্ষা মঞ্চ , বড়োলেণ্ড ল ষ্টুডেণ্টৰ বিষয়ববীয়াই নিজৰ নিজৰ সাক্ষ্যদান কৰে । ইপিনে সাক্ষ্যদানৰ অন্তত বড়ো উইমেন জাষ্টিচ ফৰামৰ নেত্ৰী অঞ্জলী দৈমাৰীয়ে উক্ত সংঘৰ্ষ সম্পূৰ্ণৰূপে ভূৱা আছিল বুলি দাবী কৰি প্ৰশাসনে কাহিনীটো বনাব বিচাৰিছিল কিন্তু নিমিলিল বুলি মন্তব্য কৰে ।

জনক ব্ৰহ্ম আৰু জৌংসাৰ মুছাহাৰী প্ৰায় দহঘণ্টা ধৰি আৰক্ষীৰ জিন্মাত আছিল আৰু হেণ্ডকাপ লগোৱা ব্যক্তি কেনেদৰে পলাব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰি অঞ্জলী দৈমাৰীয়ে কয় যে, তেওঁলোক দুজনৰ দুৰ্ঘটনা হোৱাৰ পৰা মৃত্যুলৈকে সকলো ঘটনাই ভূৱা আছিল । ইপিনে জনজাতি সুৰক্ষা মঞ্চৰ নেতা দাওৰাও দেখ্ৰেব নাৰ্জাৰীয়ে উক্ত ঘটনা ভূৱা আছিল বুলি দাবী কৰি ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনাইছে ।

জনক ব্ৰহ্ম আৰু জৌংসাৰ মুছাহাৰীৰ য'ত দুৰ্ঘটনা সংঘটিত হৈছিল আৰু যি ঘৰত আশ্ৰয় লৈছিল সেই ঘৰৰ সদস্য আৰু প্ৰাথমিক চিকিৎসা কৰা নাৰ্ছগৰাকীও আজি সাক্ষ্যদান কৰে বুলি সদৰি কৰি দাওৰাও দেখ্ৰেব নাৰ্জাৰীয়ে উক্ত ঘটনাটো ভূৱা আছিল আৰু ন্যায় পাব বুলি তেওঁলোকে আশা কৰিছে । আজি কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকেও আয়োগৰ ওচৰত বক্তব্য ৰাখে ।

উল্লেখ্য যে, সংঘৰ্ষৰ পিছতে আৰক্ষীয়ে নিহত সদস্যদুগৰাকী সন্দেহযুক্ত ইউ এল বি সদস্য বুলি দাবী কৰিছিল । আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা দুটা পিষ্টল , কেইবাজাঁই গুলী , ৮ টা হেণ্ড গ্ৰেণেড , কম্বল , প্লাষ্টিক , খাদ্যসামগ্ৰী আৰু আন বহুতো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছিল বুলি সংবাদমেলত দাবী কৰিছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in