চৰকাৰী নিৰ্দেশ অমান্য! প্ৰধানমন্ত্ৰীৰ নিৰ্দেশকো অমান্য কৰি বাতৰি কাকত বিতৰণত মাজুলীত আৰক্ষীৰ বাধা…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো মুহুৰ্তৰ তথ্য আৰু খবৰ যাতে জনসাধাৰণে লাভ কৰে সেই দিশত চকু ৰাখিবলৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৰাজ্য সমূহৰ মুখ্য সচিবক নিৰ্দেশ দিছিল। ছপা, বৈদ্যুতিন সংবাদমাধ্যমৰ কামকাজত যাতে যতি নপৰে ইয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ পোৱাৰ পিছতো সেই নিৰ্দেশ কাৰ্যকৰী কৰা নাই প্ৰশাসনে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি মাজুলীতে বাতৰি কাকতৰ বিতৰণত আৰক্ষীয়ে বাধা দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। লকডাউনৰ দোহাই দি মাজুলীত কাকত বিতৰণ কৰাত বাধা আৰোপ কৰিছে আৰক্ষীয়ে। ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মাজুলীত।

জানিব পৰা মতে, বুধবাৰৰ পুৱা ৬ বজাত 'অসমীয়া প্ৰতিদিন'কে ধৰি আন বাতৰি কাকতসমূহৰ টোপোলা গড়মূৰ তিনিআলিৰ এখন বাতৰি কাকতৰ সন্মুখত ৰখাই থোৱা আছিল। সেই স্থানৰ পৰা বাতৰি কাকতৰ টোপোলা বিতৰকসকলে নিবলৈ আহোতে বাধা দিয়ে আৰক্ষীয়ে।

দোকানৰ ভিতৰত বাতৰি কাকতৰ টোপোলা সমূহ ভৰাই থৈ আৰক্ষীয়ে বিতৰকসকলক বাধা দিয়াত ভীতিগ্ৰস্ত হৈ বিতৰক তথা হকাৰসকল ঘৰাঘৰি হয়। লখিমপুৰতো আৰক্ষীয়ে বাতৰি কাকত বিতৰণৰ ক্ষেত্ৰত বাধা দিয়াৰ খবৰ আহিছে।

যিসময়ত প্ৰধানমন্ত্ৰীয়ে এই দুৰ্যোগৰ সময়ত বাতৰি কাকতৰ এক ভূমিকা আছে বুলি উল্লেখ কৰি প্ৰশাসনক সংবাদমাধ্যমক সহযোগ কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু সেই নিৰ্দেশ বাস্তৱত কাৰ্যকৰী হোৱা নাই অসমত। মঙলদৈত আৰক্ষী অধীক্ষকে বাতৰি কাকত বিতৰণৰ ক্ষেত্ৰত সহযোগ কৰিবলৈ কোনো নিৰ্দেশ লাভ কৰা নাই বুলি বিষয়টো এৰাই চলে।

ইফালে ডুমডুমাত বাতৰি কাকতৰ বিতৰকসকলে সুচাৰুৰূপে বাতৰি কাকত বিতৰণ কৰিছে যদিও ডিব্ৰুগড়ত এজেন্টসকলেই বাতৰি কাকত বিতৰণৰ পৰা বিৰত আছে। এনে পৰিস্থিতিত কোৰোনা ভাইৰাছৰ বাবে লকডাউন দিয়াৰ সময়ত বাতৰি কাকতখন পোৱাৰ পৰা ৰাজ্যৰ বহু পাঠক বঞ্চিত হ'ব লগা হৈছে। ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি বাতৰি কাকতৰ বিতৰণ নিশ্চিত কৰিবলৈ উপায়ুক্ত সকলক নিৰ্দেশ দিছিল বুলি কৈছিল যদিও সেই নিৰ্দেশ কাৰ্যকৰী কৰা হোৱা নাই।

গুৱাহাটী মহানগৰীতে পুৱা বাতৰি কাকতখন নাপায় বহু পাঠকে কাকতৰ কাৰ্যালয়ৰ সৈতেও যোগাযোগ কৰিছে। মুখ্য সচিবগৰাকীয়ে কামৰূপ মহানগৰৰ উপায়ুক্তক হকাৰ এছ'চিয়েচনৰ সৈতে বিষয়টো সন্দৰ্ভত আলোচনা কৰিবলৈ নিৰ্দেশ দিয়া বুলি অৱগত কৰিছিল। কিন্তু কাৰ্যত তেনে কোনো সভা এই মুহুৰ্তলৈকে হকাৰসকলৰ সৈতে অনুষ্ঠিত হোৱা নাই।

বাতৰি কাকতৰ পৰা কোৰোনা ভাইৰাছ বিয়পে বুলি ছ'চিয়েল মিডিয়া আৰু একাংশ বৈদ্যুতিন মাধ্যমত প্ৰচাৰ কৰা উৰাবাতৰিৰ বাবেই মহানগৰীৰ হকাৰ এছ'চিয়েচনে বাতৰি কাকত বিতৰণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত সেয়া যে এক উৰা বাতৰি সেই সন্দৰ্ভত অসমৰ লগতে বিশ্বৰ প্ৰতিষ্ঠিত চিকিৎসকসকলে অভিমত ব্যক্ত কৰি এনে সম্ভাৱনা নুই কৰিছিল। এই সংকটৰ মুহুৰ্তত বাতৰি কাকতক লৈ চলা এই উৰা বাতৰি ৰোধ কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ প্ৰশাসনে কোনো পদক্ষেপ গ্ৰহণ নকৰাত বাতৰি কাকত পাঠকৰ ওচৰলৈ যোৱাত সমস্যাৰ সৃষ্টি হৈছে।

মহানগৰীত বুধবাৰে একাংশ হকাৰে বাতৰি কাকত বিতৰণ কৰে যদিও আন একাংশ ইয়াৰ পৰা বিৰত থাকে। বিষয়টো গুৰুত্ব উপলব্ধি নকৰি বাতৰি কাকতৰ প্ৰচলনৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা বা পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে সাধাৰণ লোকো এই সময়ত কোৰোনা ভাইৰাছ সন্দৰ্ভত চৰকাৰী পক্ষই বিজ্ঞাপন আকাৰত দিয়া গুৰুত্বপূৰ্ণ পৰামৰ্শ অৱগত হোৱাৰ পৰা বঞ্চিত হ'ব লগা হৈছে। পাঠকসকলেও সেয়েহে বাতৰি কাকতখন যাতে সুচাৰুৰূপে লাভ কৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in