শেহতীয়া খবৰ
ট্ৰেইলাৰ নহয়, এইবাৰ চিনেমা দেখুৱাম, ভিলেইন হ'ব হিমন্ত বিশ্ব শৰ্মাঃ আৰ পি শৰ্মা  •  হিমাচলপ্ৰদেশত স্তব্ধ যান-বাহন চলাচল, পথৰ পৰা বৰফ আঁতৰোৱা অভিযান প্ৰশাসনৰ...  •  বিৰোধী ঐক্য  •  ডিফু সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বীৰেণছিং ইংতিৰ মনোনয়ন দাখিল...  •  তেজপুৰত মনোনয়ন দিবলৈ গ’ল হিমন্ত বিশ্ব! তাৰপাছত কি ক’লে...  •  নাতিসহ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ পুনৰ কংগ্ৰেছত যোগদান...  •  মোডীৰ ১৫ লাখ টকীয়া নহয়, এইবাৰ ৰাহুলৰ ৭২ হাজাৰ টকীয়া প্ৰতিশ্ৰুতিঃ কংগ্ৰেছ শাসনলৈ আহিলেই ৰূপায়ন হ'ব নুন্যতম আয় গেৰেন্টী যোজনা  •  লোকসভা নিৰ্বাচন কোন সমষ্টিৰ পৰা খেলিব মোহময়ী অভিনেত্ৰী উৰ্মিলাই...  •  তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে দাখিল কৰিলে মনোনয়ন  •  প্ৰতিষ্ঠাপক অধ্যক্ষ নৰেশ গোৱেলে এৰিব জেট এয়াৰৱেইজ...

ভাৰতীয় বেটছমেনৰ নিৰাশাজনক প্ৰদৰ্শন, জয়ৰ বাবে প্ৰয়োজন ১৭৫ৰানৰ

362

ডিজিটেল ডেস্কঃ  কেংগাৰুবাহিনীৰ সন্মুখত বিধ্বস্ত ভাৰতীয় দল। পাৰ্থত অনুষ্ঠিত অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজত চলি থকা দ্বিতীয়খন টেষ্টৰ চতুৰ্থ দিনত অষ্ট্ৰেলিয়াই ২৪৩ৰানৰ লক্ষ্য বান্ধি দি ৪৩ৰানৰ অগ্ৰগতি লাভ কৰে। অষ্ট্ৰেলিয়াৰ এই ৰানৰ পাছতেই ভাৰতক জয়ৰ বাবে প্ৰয়োজন আছিল ২৮৬ৰান।

ক্ৰীজত নামি অপেনাৰ বেটছমেন কে এল ৰাহুলে ০ ৰানতে পেভিলিয়নমুখী হয়। ইয়াৰ পাছতে এছ পূজাৰা, বিৰাট কোহলি, মুৰুলি বিজয়, অজ্যিংকা ৰাহানে কেংগাৰুবাহিনীৰ বলিঙৰ সন্মুখত বেছি সময় ক্ৰীজত তিষ্ঠিব নোৱাৰিলে। দিনটোৰ খেলৰ অন্তত ৫ উইকেটৰ বিনিময়ত ভাৰতীয় দলটোৱে ১১২ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। মঙলবাৰে পুনৰ ক্ৰীজত নামিলে ভাৰতৰ সন্মুখত জয়ৰ বাবে প্ৰয়োজন হ’ব ১৭৫ ৰান।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি