বেয়া খবৰ, সোমবাৰৰ পৰা হাস্পতালত নাপাব চিকিৎসক!

বেয়া খবৰ, সোমবাৰৰ পৰা হাস্পতালত নাপাব চিকিৎসক!

ডিজিটেল ডেস্কঃ সোমবাৰে দেশজুৰি বন্ধ থাকিব চিকিৎসা সেৱা। চিকিৎসা ব্যৱস্থাক অচল কৰি সোমবাৰৰ পুৱা ৬ বজাৰ পৰা মঙলবাৰৰ পুৱা ৬ বজাৰ লৈকে কৰ্মবিৰতি ঘোষণা কৰিছে ইণ্ডিয়ান মেডিকেল এছ'চিয়েচনে। চিকিৎসৰ বাবে ন্যায় আৰু নিৰাপত্তা বিচাৰি এনেদৰে কৰ্মবিৰতি পালন কৰিছে চিকিৎসক সকলে।

উল্লেখ্য যে, কলকাতাৰ নীল ৰত্ন চৰকাৰী মেডিকেল কলেজত চিকিৎসকৰ ওপৰত হোৱা আক্ৰমণৰ বিৰোধিতাৰে বিগত কেইবাদিন ধৰি এনেদৰে দেশজুৰি প্ৰতিবাদ হোৱা দেখা গৈছে। দেশৰ সকলো হাস্পতালতে ২৪ ঘণ্টাৰ বাবে জৰুৰীকালীন সেৱাৰ বাদে আন সকলো সেৱা বন্ধ থাকিব।

দেশৰ চিকিৎসা ক্ষেত্ৰৰ সৰ্ববৃহৎ অনুষ্ঠান ইণ্ডিয়ান মেডিকেল এছ'চিয়েচনত আছে মুঠ ৩.৫ লাখ সদস্য। এছ'চিয়েচনৰ কৰ্মকৰ্তা আৰ ভি আছ'কানে জানিবলৈ দিয়ে যে, প্ৰথম অৱস্থাত তেওঁলোকৰ সমস্যাসমূহ সমাধান হ'ব বুলি ধাৰণা কৰা হৈছিল যদিও কাৰ্যক্ষেত্ৰত সেয়া হোৱা দেখা নগ'ল। যাৰ বাবে তেওঁলোকে এনেদৰে প্ৰতিবাদত বহিব লগা হৈছে। ইফালে সোমবাৰৰ পৰা হোৱা কৰ্মবিৰতিৰ পিচৰ পদক্ষেপ সম্পৰ্কে
ইণ্ডিয়ান মেডিকেল এছ'চিয়েচনৰ একশ্যন কমিতিয়ে সিদ্ধান্ত ল'ব বুলি জানিবলৈ দিছে।

গুজৰাটত পুৱাই প্ৰতিবাদ কৰিবলৈ ওলাই আহিল চিকিৎসক। ছাৰ ছায়াজিৰাও হাস্পতালৰ চিকিৎসক সকলে হাতে হাতে প্লে' কাৰ্ড লৈ পুৱাই সাব্যস্ত কৰে প্ৰতিবাদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in