ৱেষ্টইণ্ডিজ ভ্ৰমণৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈৰ নাম ঘোষণা, ধোনী, বুমৰাহক জিৰণি

ৱেষ্টইণ্ডিজ ভ্ৰমণৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈৰ নাম ঘোষণা, ধোনী, বুমৰাহক জিৰণি

ডিজিটেল ডেস্কঃ বিশ্বকাপ পিছত ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে এইবাৰ এদিনীয়া, টি-২০ আৰু চেষ্ট শৃংখলাত অৱতীৰ্ণ হ'ব ভাৰতীয় ক্ৰিকেট দল। এই শৃংখলাত অংশ গ্ৰহণৰ বাবে ৱেষ্টইণ্ডিজলৈ ৰাওনা হ'বলগীয়া ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ সকলৰ নাম দেওবাৰে ঘোষণা কৰে ভাৰতীয় ক্ৰিকেট কাউন্সিলে। এম এছ কে প্ৰসাদৰ অধ্যক্ষতাৰ বাচনি সমিতিয়ে দেওবাৰে কেইবাজনো যুৱ খেলুৱৈক ভাৰতীয় দলটোৰ অন্তৰ্ভূক্ত কৰে।

ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব লগা শৃংখলাটোৰ নেতৃত্ব দিব বিৰাট কোহলীয়ে। তদুপৰি এই শৃংখলাখনৰ বাবে দলৰ অন্তৰ্ভূক্ত কৰা হৈছে ৰোহিত শৰ্মা, শিখৰ ধাৱান, কে এল ৰাহুল, শ্ৰেয়ছ আয়াৰ, মনীষ পাণ্ডে, ঋষভ পন্ট (উইকেট কীপাৰ). কুনাল পাণ্ডেয়া, ৰবীন্দ্ৰ জাডেজা, ৰাহুল চহৰ, ভূৱনেশ্বৰ কমাৰ, খলীল আহমেদ, দীপক চাহৰ, নৱদীপ চোনীক।

ইফালে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা উইকেটকীপাৰ মহেন্দ্ৰ সিং ধোনী আৰু পেচ বলাৰ যশপ্ৰীত বুমৰাহক এই শৃংখলাত অন্তৰ্ভূক্ত কৰা হোৱা নাই। দুয়োজন অভিজ্ঞ খেলুৱৈকে জিৰণি প্ৰদান কৰিছে বিচিচিআইয়ে। আনহাতে দলটোত কেইবাগৰাকীও ন খেলুৱৈয়ে স্থান লাভ কৰালৈ চাই বিৰাট কোহলীৰ নেতৃত্বত ভাৰতীয় দলটোৱে ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে কেনে প্ৰদৰ্শন কৰে সেয়া লক্ষণীয় হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in