নাথুৰাম গডছেৰ ওপৰত চিনেমা ! চিনে ৱৰ্কাৰ্ছ এচ’ছিয়েশ্যনৰ বিৰোধিতা….

নাথুৰাম গডছেৰ ওপৰত চিনেমা ! চিনে ৱৰ্কাৰ্ছ এচ’ছিয়েশ্যনৰ বিৰোধিতা….

ডিজিটেল ডেস্কঃ নাথুৰাম গডছে, ভাৰতীয়ৰ বাবে এই নাম অপৰিচিত নহয়। ভাৰতীয়সকলে ঘৃণা কৰা ব্যক্তিসকলৰ ভিতৰত অন্যতম এজন হৈছে নাথুৰাম। মহাত্মা গান্ধীক হত্যাকৰি খলনায়ক হিচাপে পৰিগণিত হোৱা এইগৰাকী অতি হিন্দুত্ববাদী নাথুৰাম কেতিয়াও ভাৰতীয়ৰ বাবে নায়ক নাছিল যদিও শেহতীয়াকৈ সময়ে সময়ে তেওঁক নায়ক সজোৱাৰ চক্ৰান্ত মুকলিকৈয়ে চলি অহা দেখিবলৈ পোৱা গৈছে। নাথুৰামক নায়ক হিচাপে প্ৰতিষ্ঠা কৰি জাতিৰ পিতা মহাত্মাগান্ধীক খলনায়ক হিচাপে প্ৰতিষ্ঠা কৰাৰ একাংশৰ কূট কৌশল সৰ্বজনবিদিত।

শেহতীয়াকৈ নাথুৰাম গডছেৰ ওপৰত নিৰ্মাণ কৰা হৈছে এখন চিনেমা। 'হোৱাই আই কিল্ড গান্ধী' নামেৰে নিৰ্মাণ কৰা হৈছে এই চিনেমাখন। চিনেমাখন নিৰ্মাণৰ বিষয়ে প্ৰচাৰ আৰম্ভ হোৱাৰ লগে লগে দেশজুৰি সৃষ্টি হৈছিল বিতৰ্ক। এইবাৰ এই বিতৰ্কিত চিনেমাখনৰ বিৰুদ্ধে থিয় দিছে অল ইণ্ডিয়া চিনে ৱৰ্কাৰ্ছ এচ'ছিয়েশ্যন। বিতৰ্কিত চিনেমাখনৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈও পত্ৰ প্ৰেৰণ কৰিছে সংগঠনটোৱে।

অলইণ্ডিয়া চিনে ৱৰ্কাৰ্ছ এচ'ছিয়েশ্যনে প্ৰধানমন্ত্ৰী মোডীলৈ পত্ৰ প্ৰেৰণ কৰি কয় যে, নাথুৰাম গডছে সন্মানৰ যোগ্য নহয়। সেয়েহে ছবিখনৰ প্ৰদৰ্শনত বাধা প্ৰদান কৰিব লাগে। আনহাতে দেশৰ ৰাজনৈতিক মহলতো এই চিনেমাখনক লৈ সৃষ্টি হৈছে বিৰোধিতা। বিৰোধী ৰাজনৈতিক দল তথা নেতায়ো চিনেমাখনৰ প্ৰদৰ্শনত বাধা প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে।

উল্লেখ্য যে ২০১৭ চনত নিৰ্মাণ কৰা হৈছিল 'হোৱাই আই কিল্ড গান্ধী' নামৰ এই বিতৰ্কিত চিনেমাখন। চিনেমাখনত নাথুৰাম গডছেৰ চৰিত্ৰত অভিনয় কৰিছে এন চি পিৰ সাংসদ অমল কোলহে। চিনেমাখনৰ নিৰ্মাণকাৰীসকলৰ মতে এই চিনেমাত গান্ধী হত্যাকাণ্ডৰ বিচাৰৰ সময়ত গডছেয়ে দিয়া বিবৃতিৰ আধাৰত চিত্ৰগ্ৰহণ কৰা হৈছে। তেওঁলোকৰ মতে এই চিনেমাখনৰ উদ্দেশ্য হৈছে বিংশ শতিকাৰ ভাৰতৰ ইতিহাসৰ এক পৃথক দৃষ্টি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in