শৃংখলা হস্তগত, অন্তিম এদিনীয়াত ৯ উইকেটত জয়ী ভাৰত

শৃংখলা হস্তগত, অন্তিম এদিনীয়াত ৯ উইকেটত জয়ী ভাৰত

ডিজিটেল ডেস্কঃ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৫খন মেচৰ এদিনীয়া শৃংখলা ৩-১ ব্যৱধানত হস্তগত কৰিছে ভাৰতে। শৃংখলাৰ তিৰুৱনান্তপুৰমত আজি অনুষ্ঠিত অন্তিমখন মেচত ৯ উইকেটৰ বিশাল ব্যৱধানত জয়লাভ কৰে ঘৰুৱা দলটোৱে।

টছত জয়ী হৈ বেটিং আৰম্ভ কৰি আলহী দলটোৱে ভাৰতীয় বলাৰসকলৰ সমুখত একপ্ৰকাৰ দিশহাৰা হৈ পৰে। ৩১.৫ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই দলটোৱে মাথো ১০৪ ৰানহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়।

ভাৰতৰ হৈ ৰবীন্দ্ৰ জাডেজাই সৰ্বাধিক ৪টা, যশপ্ৰীত বুমৰাহ, খলিল আহমেদ প্ৰত্যেকে দুটাকৈ আৰু কুলদীপ যাদৱ, ভূৱনেশ্বৰ কুমাৰে ১টাকৈ উইকেট দখল কৰে।

প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে মাত্ৰ ১৪.৫ অভাৰতে ১টা উইকেট হেৰুৱাই অনায়াসে ১০৫ ৰানৰ বিজয় লক্ষ্যত উপনীত হয়। অপেনাৰ ৰোহিত শৰ্মাই ৬৩ আৰু অধিনায়ক বিৰাট কোহলিয়ে ৩৩ ৰানৰ বৰঙণি আগবঢ়ায়। অ' থমাছৰ বলত ৬ ৰান কৰিয়েই ক্লীন বল্ড হয় শিখৰ ধাৱান।

দুৰ্দান্ত বলিঙৰ বাবে ৰবীন্দ্ৰ জাডেজাই লাভ কৰে মেন অব দ্য মেচৰ সন্মান। আনহাতে মেন অব দ্য ছিৰিজৰ খিতাপ অৰ্জন কৰে আটাইকেখন মেচতে অধিনায়কোচিত খেল উপহাৰ দিয়া বিৰাট কোহলিয়ে।

উল্লেখ্য যে শৃংখলাটোৰ এখন মেচত ৱেষ্ট ইণ্ডিজে ভাৰতক ৪৩ ৰানত পৰাভূত কৰাৰ লগতে আন এখন মেচ  ড্ৰ খেলে। ইয়াৰ বিপৰীতে সমগ্ৰ শৃংখলাটোত ভ্ৰমণৰত দলটোৱে বিশেষ চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱাত ব্যৰ্থ হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in