ভাৰত-দক্ষিণ আফ্ৰিকাৰ প্ৰথমখন টেষ্টত চমক সৃষ্টি কৰি প্ৰথমটো শতক মায়ংক আগৰৱালৰ…

ভাৰত-দক্ষিণ আফ্ৰিকাৰ প্ৰথমখন টেষ্টত চমক সৃষ্টি কৰি প্ৰথমটো শতক মায়ংক আগৰৱালৰ…

ডিজিটেল ডেস্কঃ ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত মেজৱানত চলি থকা প্ৰথমখন টেষ্টৰ দ্বিতীয় দিনালৈকে টীম ইণ্ডিয়াই থিয় কৰাইছে বিশাল স্কৰ। টীম ইণ্ডিয়াৰ অপেনাৰদ্বয়ে বুধবাৰেই সংগ্ৰহ কৰে ৩১৭ ৰান।

আনহাতে ইতিহাস সৃষ্টি কৰি এটাও উইকেট নেহেৰুৱাকৈ টীম ইণ্ডিয়াই সংগ্ৰহ কৰে এই বিশাল স্কৰ। ভাৰতৰ হৈ অপেনাৰ ৰোহিত শৰ্মাই সংগ্ৰহ কৰে ১৭৬ ৰাণ। আনফালে টেষ্ট ক্ৰিকেটত প্ৰথমবাৰৰ বাবে শতক সৰ্ম্পূণ কৰে ভাৰতীয় বেটছমেন মায়ংক আগৰৱালে।

টেষ্টৰ দ্বিতীয় দিনাৰ দুপৰীয়াৰ লৈকে ক্ৰীজত মজুত থাকি ২৮৫ টা বলত ১৪৫ ৰান সংগ্ৰহ কৰিছে। মায়ংক আগৰৱালাৰ সৈতে বৰ্তমান ক্ৰীজত মজুত আছে অধিনায়ক বিৰাট কোহলী।

ইফালে প্ৰথমখন টেষ্টৰ দ্বিতীয়দিনা দুপৰীয়া ১২.৪৫ বজালৈকে ৯৫ অভাৰত ৩৪১ ৰান সংগ্ৰহ কৰিছে টীম ইণ্ডিয়াই। বৰ্তমানৰ লৈকে ভাৰতে ৰোহিত শৰ্মা আৰু পুজাৰাৰ উইকেট হেৰুৱাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in