সমীকৰণ আৰু সপোন! ছেমি ফাইনেলত প্ৰৱেশ কৰিব ভাৰত…

সমীকৰণ আৰু সপোন! ছেমি ফাইনেলত প্ৰৱেশ কৰিব ভাৰত…

ডিজিটেল ডেস্কঃ বুধবাৰে চলিত টি-২০ বিশ্বকাপ প্ৰতিযোগিতাৰ এখন মেচত ভাৰত মুখামুখি হ'ব আফগানিস্তানৰ সৈতে।ইতিমধ্যে দুখন মেচ খেলি দুয়োখনতে পৰাজিত হোৱা ভাৰতীয় দলটোৰ বাবে এই মেচত জয়লাভ কৰাটো নিত্যান্তই জৰুৰী হৈ পৰিছে। কেৱল এই মেচত জয়লাভ কৰাই নহয়, ভাৰতীয় দলটো ছেমি ফাইনেলত উপনীতি হবলৈ নিৰ্ভৰ কৰিব লাগিব আফগানিস্তান আৰু নিউজিলেণ্ড দল দুটাৰ ওপৰত।

আফগানিস্তানৰ বিপক্ষে অনুষ্ঠিত হ'বলগীয়া এই মেচত কেৱল ভাৰতে বিজয় সাব্যস্ত কৰিলেই ছেমিফাইনেলত প্ৰৱেশ কৰাৰ বাট মুকলি নহ'ব। ভাৰতে আফগানিস্তানক পৰাস্ত কৰিব লাগিব বৃহৎ ব্যৱধানত।এই মেচত জয়লাভ কৰিবলৈ ভাৰতে হেৰুওৱা ছন্দ ঘূৰাই পোৱাৰ লগতে টছত জয়লাভ কৰাটোও জৰুৰী হৈ পৰিছে। কিয়নো বৰ্তমানলৈকে অনুষ্ঠিত হোৱা আটাইকেইখন মেচতে খেলুৱৈৰ প্ৰদৰ্শনৰ লগতে টছৰ হৰা জিকাৰ বিষয়টোৱেও প্ৰভাৱ পেলাইছে।

প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাটো ভাৰতৰ বাবে এতিয়া সহজ হৈ থকা নাই যদিও একেবাৰে অসম্ভৱো নহয়। এতিয়াও এনে কিছুমান সমীককৰণ আছে যাৰ জৰিয়তে ভাৰতীয় দলটোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ সপোন দেখিব পাৰে। ইয়াৰ বাবে প্ৰথম চৰ্তটো হ'ল ভাৰতীয় দলটোৱে আফগানিস্তানক বৃহৎ ব্যৱধানত পৰাস্ত কৰিব লাগিব। দ্বিতীয় চৰ্তটো হ'ল আফগানিস্তানে নিউজিলেণ্ডক পৰাস্ত কৰিব লাগিব। ইয়াৰ উপৰিও ভাৰতে অন্তিম দুখন মেচত জয় লাভ কৰি জিকি আফগানিস্তান আৰু নিউজিলেণ্ড দুয়োৰে পৰা তেওঁলোকৰ নেট ৰাণ ৰেট উন্নত কৰিব লাগিব।

ইফালে দ্বিতীয় মেচত ৩ নম্বৰ স্থানত বেটিং কৰিবলৈ অহা ৰোহিত শৰ্মাক এই মেচখনত পুনৰ অপেনিয় কৰাৰ সুযোগ প্ৰদান কৰাৰ সম্ভাৱনা আছে।আনহাতে কে এল ৰাহুলে চাৰি নম্বৰত বেটিং কৰিব পাৰে। সূৰ্যকুমাৰ যাদৱৰ ফিটনেছৰ বিষয়ে এতিয়ালৈকে কোনো আপডেট প্ৰকাশ হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in