জো বাইডেনৰ সৈতে মোডীৰ বৈঠকঃ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ অংগীকাৰ

জো বাইডেনৰ সৈতে মোডীৰ বৈঠকঃ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ অংগীকাৰ

ডিজিটেল ডেস্কঃ জাপানত অনুষ্ঠিত হোৱা কোৱাড বৈঠকত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ মাজত এক দ্বাপক্ষিক আলোচনা অনুষ্ঠিত হয়। দুদিনীয়া ভ্ৰমণসূচীৰে জাপানত উপস্থিত হোৱা মোডীয়ে বাইডেনৰ সৈতে হোৱা এই বৈঠকত কয় যে, ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত বিশ্বাসৰ সম্পৰ্ক আছে। বাণিজ্যৰ উপৰিও দুয়োখন দেশৰ মাজৰ সম্পৰ্ক বিশ্বাসৰ মাজেৰে আগবাঢ়িছে। প্ৰযুক্তিৰ অংশীদাৰীত্ব বৃদ্ধি পাইছে। কিন্তু দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ সম্ভাৱনা আৰু অধিন অন্বেষণ কৰাৰ প্ৰয়োজন।

আনহাতে এই বৈঠকতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে কয় যে, তেওঁৰ কাৰ্যকালত ভাৰতৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্ক শক্তিশালী আৰু ঘনিষ্ঠ হওক। দুয়ো ৰাষ্ট্ৰ নেতাৰ মাজৰ এই বৈঠকত যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ প্ৰসংগও আলোচিত হয়। বাইডেনে ইউক্ৰেইনৰ প্ৰসংগ উত্থাপন কৰি কয় যে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ স্থিতি এখন দেশৰ সমস্যা নহয়, সমগ্ৰ বিশ্বৰে এক সমস্যা।

উল্লেখ্যে যে, ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধই সমগ্ৰ বিশ্বতে অৰ্থনৈতিক সংকটৰ সৃষ্টি কৰাৰ লগতে খাদ্য সামগ্ৰী, ইন্ধনকে ধৰি সকলো দিশতে প্ৰভাৱ পেলাইছে। আমেৰিকাই ইউক্ৰেইনৰ সপক্ষে প্ৰথমৰে পৰা থিয় দি আহিছে।

ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকাকে ধৰি একাংশ দেশে ভাৰতক ৰাছিয়াৰ সৈতে ৰক্ষা কৰি অহা সম্পৰ্কৰ বাবে সমালোচনা কৰিছে যদিও ভাৰতে যুদ্ধৰ ক্ষেত্ৰত দুয়ো দেশকে আলোচনাৰ মাজেৰে সমস্যা সমাধান কৰিবলৈ কৈ আহিছে। ভাৰতে ৰাছিয়াৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি আহিলেও ইউক্ৰেইত প্ৰথমখন বিদেশী ৰাষ্ট্ৰ হিচাৰে ভাৰতে দূতাবাস মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

২৪ মে'ত কোৱাড সন্মিলনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰাৰ উপৰিও প্ৰধানমন্ত্ৰী মোডীয়ে অষ্ট্ৰেলিয়া আৰু জাপানৰ প্ৰধানমন্ত্ৰীসকলকো সাক্ষাৎ কৰাৰ কথা আছে। প্ৰধানমন্ত্ৰী মোডীয়ে জাপান ভ্ৰমণৰ সময়ত ৩৬ জনতকৈও অধিক জাপানী মুখ্য কাৰ্যবাহী বিষয়া আৰু বহু ভাৰতীয় প্ৰবাসী সদস্যৰ সৈতে বাৰ্তালাপ কৰিব।

ইফালে ২৩ মে', সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১২ খন ভাৰত-প্ৰশান্ত মহাসাগৰীয় দেশৰ সৈতে এক নতুন বাণিজ্য পৰিকাঠামোৰ শুভাৰম্ভ জো বাইডেনৰ সৈতে অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে পৰিষ্কাৰ শক্তি, যুঁজাৰু যোগান শৃংখলা আৰু ডিজিটেল ব্যৱসায়ৰ দৰে ক্ষেত্ৰত সমমনস্ক দেশসমূহৰ মাজত সহযোগিতা অধিক গভীৰ কৰা। এইয়া হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যৱসায়িক পৰিকাঠামো।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰা আন আন দেশবোৰৰ ভিতৰত আছিল অষ্ট্ৰেলিয়া, ব্ৰুনেই, ভাৰত, ইণ্ডোনেছিয়া, জাপান, দক্ষিণ কোৰিয়া, মালয়েছিয়া, নিউজিলেণ্ড, ফিলিপাইনছ, ছিংগাপুৰ, থাইলেণ্ড আৰু ভিয়েটনাম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in