পেট্ৰ’ল-ডিজেল প্ৰভাৱ! পূজাৰ পিছতে দাম বাঢ়িব লেপটপ-মোবাইলৰ

পেট্ৰ’ল-ডিজেল প্ৰভাৱ! পূজাৰ পিছতে দাম বাঢ়িব লেপটপ-মোবাইলৰ

ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পালে প্ৰযুক্তিৰ সৈতে জড়িত বিভিন্ন আমদানিকৃত সা-সামগ্ৰীৰ দাম। এনে সামগ্ৰীসমূহৰ ওপৰত আবকাৰী শুল্ক বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ দাম বৃদ্ধি পাইছে। ইন্ধনৰ আবকাৰী শুল্ক হ্ৰাস কৰাৰ ফলত হোৱা লোকচানে যাতে সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি চৰ্চা হৈছে।

অৱশ্যে চৰকাৰী সূত্ৰই 'মেক ইন ইণ্ডিয়া'ক উৎসাহিত কৰিবৰ বাবেই আমদানিকৃত সামগ্ৰসমূহৰ ওপৰত কৰৰ পৰিমাণ বৃদ্ধি কৰা হৈছে বুলি জনাইছে। সেয়া হ'লেও ইয়াৰ ফলত আমেৰিকা, চীন, কোৰিয়া, জাপান তথা জাৰ্মানীৰ দৰে দেশসমূহৰ সৈতে থকা ব্যৱসায়িক সম্পৰ্কত ব্যাঘাত জন্মাৰ আশংকা কৰিছে অৰ্থনৈতিক বিশেষজ্ঞসকলে।

চৰকাৰৰ এই নতুন সিদ্ধান্তৰ ফলত পূজাৰ পিছতে দেশৰ বজাৰত স্মাৰ্টফোন, ইণ্টাৰনেট সংযোগৰ সামগ্ৰী যেনে ৱাই-ফাই ৰাউটাৰ, ছেট টপ বক্স, ইথাৰনেট ছুইটচ, ইণ্টাৰনেট কেবল, স্মাৰ্টৱাটছ, হেডফোন আদিৰ দামত পোনপটীয়া প্ৰভাৱ পৰিব। কম্পিউটাৰ তথা লেপটপৰ দামতো ইয়াৰ প্ৰভাৱ দেখা পোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দাখিল কৰা বাজেটত বৈদ্যুতিক আৰু প্ৰযুক্তিৰ সৈতে জড়িত সা-সামগ্ৰীৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰিছিল কেন্দ্ৰ চৰকাৰে। ইয়াৰ পূৰ্বে ডিচেম্বৰ মাহতো মোবাইল ফোন আৰু টিভিৰ দৰে সামগ্ৰীসমূহত আমদানি শুল্ক বৃদ্ধি কৰিছিল কেন্দ্ৰই। শেহতীয়াকৈ পুনৰ এনে সামগ্ৰীসমূহৰ আমদানি শুল্ক বৃদ্ধি কৰাটোৱে ক্ষেত্ৰখনৰ সৈতে জড়িতসকলক চিন্তাত পেলাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in