ৰাষ্ট্ৰীয় স্মৃতিস্থলত পঞ্চভূতত বিলীন নৱ ভাৰতৰ ৰূপকাৰ

ৰাষ্ট্ৰীয় স্মৃতিস্থলত পঞ্চভূতত বিলীন নৱ ভাৰতৰ ৰূপকাৰ

ডিজিটেল ডেস্কঃ অৱশেষত পঞ্চভূতত বিলীন হ'ল নৱ ভাৰতৰ ৰূপকাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী। সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে ২১ টা টোপধ্বনিৰ মাজেৰে যমুনাৰ পাৰৰ স্মৃতিস্থলত শত-সহস্ৰ গুণমুগ্ধ তথা কেবাগৰাকী বিদেশী ৰাজনেতাৰ উপস্থিতিত বাজপেয়ীৰ মুখাগ্নি কৰে তেওঁৰ পালিতা কন্যা নমিতা ভট্টাচাৰ্যই।

'অটলজী অমৰ হঁওক' ধ্বনিৰে এই শেষ যাত্ৰাত বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা অন্ত্যেষ্টিক্ৰিয়াস্থলীলৈ সোঁত বয় হাজাৰ হাজাৰ লোকৰ। ফুলেৰে সজ্জ্বিত  বাজপেয়ীৰ শৱদেহ কঢ়িওৱা বাহনৰ পিছে পিছে প্ৰায় ৪ কিলোমিটাৰ দূৰত্ব খোজ কাঢ়ি স্মৃতিস্থলত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰধানমন্ত্ৰীগৰাকীক পদব্ৰজে সংগ দিয়ে দলৰ কেবাগৰাকী জ্যেষ্ঠ নেতা আৰু মন্ত্ৰীয়ে।

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী আৰু বিভিন্ন দলৰ শীৰ্ষ নেতাসকলেও বাজপেয়ীৰ অন্ত্যেষ্টিক্ৰিয়াস্থলীত উপস্থিত থাকে। শেষকৃত্য অনুষ্ঠানত ভূটানৰ ৰজা জিগমে ৱাংচুক আৰু আফগানিস্তানৰ ৰাষ্ট্ৰপতি হামিদ কাৰ্জাইয়ো উপস্থিত আছিল।

উল্লেখ্য যে নিশাটো কৃষ্ণ মেননস্থিত তেওঁৰ বাংলো চৌহদত নশ্বৰ দেহ ৰখাৰ পিছত সামৰিক সন্মানেৰে বিজেপিৰ কাৰ্যালয়লৈ শেষ শ্ৰদ্ধা জ্ঞাপনৰ বাবে লৈ যোৱা হয়। দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে নিজ দলৰ এই আটকধুনীয়া কাৰ্যালয়ত জীৱিত কালত এদিনো ভৰি থব'লৈ সমৰ্থ নোহোৱা বাজপেয়ীয়ে অন্তিম যাত্ৰা আৰম্ভ হোৱাৰ আগলৈকে চিৰ বিশ্ৰামৰত অৱস্থাত ইয়াতে কেইঘণ্টামানৰ বাবে ৰৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in